কামপুৰ, ১২ ছেপ্টেম্বৰঃ কামপুৰৰ বগলাজানৰ উজনি খণ্ডত পুৱা পুখুৰীত উপঙি থকা অৱস্থাত এটা এঘাৰ বছৰীয়া শিশুৰ  মৃতদেহ উদ্ধাৰ হোৱা ঘটনাই অঞ্চলজুৰি শোকৰ পৰিবেশ সৃষ্টি কৰিছে৷  প্ৰাপ্ত তথ্য মতে, সোমবাৰে দুপৰীয়া প্ৰায় এক বজাৰ পৰা মুন হীৰা নামৰ এঘাৰ বছৰীয়া শিশুটো সন্ধানহীন হয়। পৰিয়ালৰ লগতে স্থানীয় লোকে বহু সন্ধান কৰিও শিশুটোৰ শুংসূত্ৰ লাভ কৰাত ব্যৰ্থ হয়৷ আজি পুৱা স্থানীয় লোকে মুন হীৰাক ঘৰৰ কাষৰ এটা পুখুৰীত উপঙি থকা অৱস্থাত প্ৰত্যক্ষ কৰে। স্থানীয় লোকে শিশুটোৱে মাছ ধৰিবলৈ গৈ পুখুৰীত পৰাৰ সন্দেহ কৰিছে। বৰ্তমান কামপুৰ আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰোণোত্তৰ পৰীক্ষাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণৰ ব্যৱস্থা কৰিছে।