সোণাপুৰ, ১২ ছেপ্টেম্বৰঃ ক্ষেত্ৰী আৰক্ষী থানাৰ অন্তৰ্গত টোপাতলীৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়াবহ পথ দূৰ্ঘটনাত এজন লোক থিতাতে নিহত হয়৷ প্ৰাপ্ত তথ্য মতে, পুৱা প্ৰায় ৪ বজাত যোৰাবাটৰ অমৃত চিমেন্ট কোম্পানীৰ পৰা লাহৰিঘাটলৈ চিমেণ্ট বোজাই কৰি অনা এএছ ০৫, এ ১৮৬০ নম্বৰৰ ট্ৰাকখন নিয়ন্ত্ৰণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ দ খাৱৈত বাগৰি পৰে৷ দুৰ্ঘটনাত ট্ৰাকখনৰ হেণ্ডিমেন আলি হুছেইন (৩০) ট্ৰাকখনৰ তলত পৰাৰ ফলত নিহত হয়৷ দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ক্ষেত্ৰী আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ তিনি ঘন্টাৰ মূৰত নিহত আলী হুছেইনক উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷ বৰ্তমান ট্ৰাকখনৰ চালক পলাতক অৱস্থাত আছে৷