কলগাছিয়া ১২ ছেপ্তেম্বৰঃ বড়োলেণ্ডত বিকাশ যোজনাৰ অধীনত  বিটিচি কৰ্তৃপক্ষই দৰিদ্ৰ লোক সকলক সুবিধাৰ কাৰণে বিটিএডিৰ চাৰিখন জিলাত ই ৰিক্সা বিতৰণৰ কাম আৰম্ভ কৰে৷ কোকৰাঝাৰস্থিত বড়োলেণ্ড অতিথিশালাৰ চৌহদত ই ৰিক্সা বিতৰণী কাৰ্যসূচীৰ মুকলি কৰে বিটিচিৰ পৰিবহন বিভাগৰ কাৰ্যবাহী সদস্য জগদ্বীশ সৰকাৰে৷ উল্লেখ্য যে, জগদ্বীশ সৰকাৰে এই কাৰ্যসূচীৰ জৰিয়তে ২০গৰাকী দৰিদ্ৰ লোকক ই ৰিক্সা প্ৰদান কৰি কয় যে বিটিচিৰ চাৰি জিলাত দৰিদ্ৰ লোকক পৰ্যায়ক্ৰমে  মুঠ ৮৯০ খন ই ৰিক্সা প্ৰদান কৰা হ’ব৷ ইয়াৰে কোকৰাঝাৰ জিলাত ২৩৫ খন, চিৰাং জিলাত ২১০ খন, ওদালগুৰী জিলাত ২১০ খন, আৰু বাক্সা জিলাত ২৩৫ খনকৈ ই-ৰিক্সা প্ৰদান কৰা হ’ব৷ তেওঁ লগতে কয় যে সম্পূৰ্ণ  ৫০ শতাংশ ৰেহাই মূল্যত ই ৰিক্সা সমূহ প্ৰদান কৰা হ’ব৷ আনহাতে ই ৰিক্সা বিতৰনী কাৰ্যসূচীৰ জৰিয়তে কোকৰাঝাৰস্থিত বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ-ছাত্ৰীৰ সুবিধাৰ্থে বিটিচি পৰিবহন বিভাগে দুখন বড়োলেণ্ড  বাছ আগবঢ়াইছে৷ বিভাগীয় কাৰ্যবাহী সদস্য জগদ্বীশ সৰকাৰে কলেজখনৰ অধ্যক্ষ কমল কুমাৰ ব্ৰহ্মৰ হাতত বাছ দুখনৰ ছাবি প্ৰদান কৰে৷ আনহাতে শীঘ্ৰে বড়োলেণ্ড বিকাশ যোজনাৰ অধীনত ৩০০খন উইংগাৰ গাড়ীও ৫০ শতাংশ ৰেহাই মূল্যত ৰাইজলৈ আগবঢ়াব বুলিও জগদ্বীশ সৰকাৰে জানিবলৈ দিয়ে৷ তদুপৰি বিটিচি পৰিবহন বিভাগে কোকৰাঝাৰৰ পৰা অচিৰেই ১০ খনকৈ বড়োলেণ্ড যাত্ৰীবাহী বাছ ৰাইজৰ যাতায়াতৰ সুবিধাৰ্থে শিলিগুৰী, শ্বিলং, কাৰ্বি আংলং আৰু ধেমাজীলৈ  চলাচল কৰাৰ বাবে আগবঢ়াব বুলিও জানিবলৈ দিয়ে৷