বকো, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: মিছা কথাৰ ফুলজাৰি জ্বলোৱা, হাজাৰটা মিছা প্ৰতিশ্ৰুতি দিয়া চৰকাৰখনৰ ফোঁপোলা স্বৰূপ হল কামৰূপ জিলাৰ বকো সমষ্টিৰ অন্তৰ্গত ৰংগেশ্বৰী টুপামাৰী সংযোগী এখন কাঠৰ দলং। দীৰ্ঘ দিনৰ পৰা অঞ্চলটোৰ ৰাইজে বিপদ সংকুল ভাবে দৈনন্দিন পাৰা পাৰ হয় বিভিন্ন বিদ্যালয়-মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ লগতে ৰোগী, ব্যৱসায়ী সকলে। দেওবাৰে উক্ত দলং খনৰ ওপৰেদি পাৱাৰ টিলাৰ এখন পাৰ কৰোতে হঠাতে কাঠৰ দলং খন ভাঙি পৰে। দলং খন ভাঙি ট্ৰেক্টৰ চালক জন তলত পৰি যায় যদিও কথমপি প্ৰান ৰক্ষা পৰে চালক জনৰ। ইয়াৰ পূৰ্বেওঁ দলংখনত একাধিক দুৰ্ঘটনা সংঘটিত হৈ প্ৰান গৈছিল কেবাজনৰো। উল্লেখ্য যে কিছুদিন পূৰ্বে এই মৰন ফান্দ কাঠৰ দলংৰ পৰা প্ৰাক্তন বিধায়ক জ্যোতি প্ৰসাদ দাসে দলং খনৰ পৰা পানীত পৰি কথমপি প্ৰান ৰক্ষা পৰিছিল। সম্প্ৰতি দলং খন ভাঙি যোৱাৰ ফলত অঞ্চলটোৰ ৰাইজৰ এক মাত্ৰ যাতায়াত ব্যৱস্থা ব্যহত হৈ পৰিছে। অচিৰেই দলং খন পুনৰ নিৰ্মানৰ দাবী জনাইছে ৰাইজে।