গৌৰীপুৰ, সংবাদ ৩৬৫, ২৩ ছেপ্টেম্বৰ: দেওবাৰে দূপৰীয়া পানবাৰী বি এছ এফ ৰ ছেক্টৰ হেড চি আই ডি ব্ৰাঞ্চে এচাম ড্ৰাগছ সৰবৰাহকাৰীৰ গোপন তথ্য লাভ কৰি কাজিগাওঁ আৰক্ষীক খবৰ কৰি বি এছ এফ আৰু কাজিগাওঁ আৰক্ষীৰ যৌথ অভিযানত পানবাৰী বজাৰৰ পৰা জব্দ কৰে বৃহৎ পৰিমানৰ ড্ৰাগছসহ ধুবুৰীৰ বিদ্যাপাৰাৰ আশ্ৰাফ খান নামৰ এজন যুৱক। ধৃত যুৱক জনৰ পৰা ৭টা পেকেটত ১৩৬২টাকৈ ৱাবা (YABA) টেবলেট জব্দ কৰে বি এছ এফে৷ উক্ত যুৱক জনৰ লগত আন কেইবাজনো যুৱক আছিল যদিও আন যুৱক কেইজন গাড়ী লৈ পলায়ন কৰাত তেওঁলোকক আটক কৰিবলৈ সক্ষম নহল বি এছ এফে। বৰ্তমানে আশ্ৰাফ খানক কাজিগাওঁ থানাত আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে৷