গুৱাহাটী, সংবাদ ৩৬৫, ১৭ মাৰ্চ : কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগৰ গুৱাহাটী সদৰ আবকাৰী বিভাগ আৰু গুৱাহাটী ৰেলৱে চাৰ্কোলে শনিবাৰে যৌথভাৱে গুৱাহাটী মহানগৰীৰ ভোটনাথ, কালিপুৰ, আঠ গাঁও আৰু বামুনিমৈদাম অঞ্চলত আবকাৰী অভিযান চলায়।

এই অভিযান কালত বিভাগৰ অভিযান কাৰী দলে চুলাই বিক্ৰী কৰা কেইবাটাও কেন্দ্ৰ ধ্বংস কৰাৰ লগতে প্ৰায় ১৫০ লিটাৰ চুলাই নষ্ট কৰে। ইয়াৰোপৰি এই সন্দৰ্ভত তিনিজন লোকক
আবকাৰী আইনৰ অধীনত আটক কৰা হয়।

উল্লেখযোগ্য যে কামৰূপ মহানগৰ জিলাৰ আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অব্যাহত ৰখা অভিযানত বিভাগটোৱে জন সাধাৰণৰ পৰা সহায়-সহযোগ লাভ কৰিছে।