হাটশিঙিমাৰী, সংবাদ৩৬৫, ১৭ মাৰ্চ : দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ থানাৰ অন্তৰ্গত হাজিৰহাট বৰবালুত দেওবাৰে পুৱা অনুমানিক দহ বজাত এক ভয়াৱহ অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত চাৰিটাকৈ পৰিয়ালৰ ছয়টা ঘৰ জুইত ভস্মীভূত হোৱাৰ লগতে প্ৰায় সাত লক্ষাধিক টকাৰ ক্ষতি সাধন হয়।

হাজিৰহাট বৰবালু গাঁৱৰ বাসিন্দা আবু কালামৰ পাকঘৰৰ পৰা হঠাৎ অগ্নিকাণ্ডৰ সূত্ৰপাত ঘটি এই ভয়াবহ অগ্নিকাণ্ড সংঘটিত হৈছে বুলি জানিব পৰা গৈছে। লোকজনৰ দুটা ঘৰ ভস্মীভূত হৈ প্ৰায় তিনি লক্ষাধিক টকাৰ ক্ষতি সাধন হোৱাৰ লগতে তেখেতৰ ওচৰত থকা প্ৰতিবেশী ছামচুল হক, মফিদা খাতুন , ছবুৰ শেখ নামৰ মানুহ কেইজনৰো চাৰিটাকৈ ঘৰ ভস্মীভূত হোৱাৰ লগতে প্ৰায় চাৰি লক্ষাধিক টকাৰ ক্ষতিগ্ৰস্ত হয় । গঞা ৰাইজৰ প্ৰচেষ্টাত জুই নুমাবলৈ সক্ষম হয় যদিও ঘটনাস্থলীত কোনো অগ্নিনিৰ্বাপক বাহিনী দল উপস্থিত হোৱা নাই।