বাইহাটা চাৰিঅালি, সংবাদ৩৬৫, ১৬ মাৰ্চ ঃ নিশাৰ আন্ধাৰ নামি অহাৰ লগে লগে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ ডকাইতৰ বাবে হৈ পৰে ৰাম ৰাজ্য । হাতত চোকা অস্ত্ৰ লৈ ডকাইতৰ উপদ্ৰৱ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বাইহাটা চাৰিআলিৰ পৰা পুঠিমাৰী অঞ্চলত। অৱশেষত কমলপুৰ আৰক্ষীৰ জালত পৰে তিনিটাকৈ ডকাইত ।

কমলপুৰ আৰক্ষীয়ে নিশাৰ পেট্ৰ’লিঙৰ দলে পুঠিমাৰিৰ পৰা কৰায়ত্ব কৰে তিনিটাকৈ দুধৰ্ষ ডকাইত । লগতে ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে উদ্ধাৰ কৰে দুখন চোকা অস্ত্ৰৰ লগতে এটা মোবাইল ফোন আৰু এখন পালচাৰ বাইক । ধৃত ডকাইত কেইটা বাইহাটাৰ কোকেৰিয়া গাঁৱৰ ৰাহুল আলি , হেমাংগ নাথ আৰু ধ্ৰুৱজ্যোতি নাথ ।