আমিনুৰ ৰহমানৰ সহযোগত খলিলুৰ ৰহমান হাজৰিকা

শিৱসাগৰ

১ জুলাই

অৱশেষত মুকলি আকাশৰ তললৈ আহিল অখিল গগৈ। নিয়াৰ আদালতে অখিল গগৈক দোষ মুক্ত ঘোষণা কৰাত মুকলি আকাশৰ তললৈ আহে অখিল গগৈ। অখিল গগৈ কাৰামুক্ত হোৱাৰ পিছতে শিৱসাগৰৰ ৰাজপথত দেখিবলৈ পোৱা যায় এক বিশেষ পৰিৱেশ। উৎফুল্লিত হৈ ৰাজপথলৈ ওলাই আহি ৰাইজে বিতৰণ কৰে মিঠাই।

দীৰ্ঘদিন ধৰি কাৰাবন্দী হৈ থকা কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈক বৃহস্পতিবাৰে নিয়াৰ আদালতে সকলো গোচৰৰ পৰা দোষ মুক্ত ঘোষণা কৰে। অখিল গগৈৰ বিৰুদ্ধে থকা চান্দমাৰী থানাৰ গোচৰৰ শুনানিৰ বাবে বৃহস্পতিবাৰে পুৱাৰ ভাগত অখিল গগৈক নিয়াৰ আদালতত হাজিৰ কৰোৱা হয়। আদালতে শুনানিৰ অন্তত অখিল গগৈক চান্দমাৰী থানাৰ গোচৰৰ পৰা দোষ মুক্ত বুলি ঘোষণা কৰে।

নিয়াৰ আদলতৰ ৰায়ৰ পিছতে মুকলি আকাশৰ তললৈ আহে কৃষক নেতা তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক গৰাকী। অখিল গগৈৰ মুক্তিৰ বতৰা লাভ কৰি উৎফুল্লিত হৈ উঠে বিধায়ক গৰাকীৰ সমষ্টিৰ ৰাইজ। শিৱসাগৰবাসী ৰাইজে নিজৰ বিধায়ক গৰাকীৰ মুক্তিৰ খবৰ পাই ৰাজপথলৈ ওলাই আহি ৰাইজৰ মাজত মিঠাই বিতৰণ কৰা দেখিবলৈ পোৱা যায়। বীৰ লাচিত সেনা, কৃষক মুক্তি সংগ্রাম সমিতি, ছাত্ৰ মুক্তি সংগ্রাম সমিতি, ৰাইজৰ দলে দলমুখ চাৰিআলিত মিঠাই বিতৰণ কৰে।

ইফালে অখিল গগৈৰ মুক্তি সন্দৰ্ভত মত প্ৰকাশ কৰি বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয় যে “আমি উৎফুল্লিত হৈছোঁ, আবেগিক হৈছোঁ। নিৰদোষী মানুহ এজনক এইদৰে দীর্ঘদিন ধৰি কাৰাবন্দী কৰি ৰখাটোক আমি ধিক্কাৰ দিছোঁ।” অখিল গগৈৰ মুক্তি ন্যায়াৰ জয় আৰু আমি এতিয়া উপ নিৰ্বাচনত ৰূপজ্যোতি কুৰ্মীক পৰাস্ত কৰিব লাগিব বুলিও কয় শৃংখল চলিহাই।