গুৱাহাটী

১ জুলাই

কৃষক নেতা তথা শিৱসাগৰৰ বিধয়াক অখিল গগৈক সকলো গোচৰৰ পৰা দোষ মুক্ত ঘোষণা কৰিলে নিয়াৰ আদালতে। চান্দমাৰী থানাত অখিক গগৈৰ বিৰুদ্ধে থকা গোচৰৰ পৰা বৃহস্পতিবাৰে দোষ মুক্ত হ’ল অখিল গগৈ। চান্দমাৰী থানাৰ গোচৰৰ শুনানিৰ বাবে পুৱাৰ ভাগত অখিল গগৈক নিয়াৰ আদালতত হাজিৰ কৰোৱা হৈছিল।

কাৰাবন্দী কৃষক নেতা তথা শিৱসাগৰৰ বিধায়ক অখিল গগৈৰ মুক্ত আকাশৰ তললৈ অহাৰ বাট মুকলি হৈছে। বৃহস্পতিবাৰে অখিল গগৈৰ বিৰুদ্ধে চন্দমাৰী থানাত থকা গোচৰৰ শুনানি গ্ৰহণ কৰি নিয়াৰ আদালতে অখিল গগৈক গোচৰটোৰ পৰা দোষ মুক্ত বুলি ঘোষণা কৰে। অখিল গগৈৰ লগতে অন্য তিনিজনকো নিয়াৰ আদালতে গোচটোৰ পৰা দোষ মুক্ত কৰে।

২০১৯ চনৰ ডিচেম্বৰ মাহৰে পৰা কাৰাবন্দী হৈ থকা অখিল গগৈ এতিয়া মুক্ত আকাশৰ তললৈ অহাৰ পূৰ্ণ সম্ভাৱনা আছে। কিছুদিন পূৰ্বে কৃষক নেতা গৰাকীৰ বিৰুদ্ধে চবুৱা থানাত থকা গোচৰটোৰ পৰাও নিয়াৰ আদালতে দোষ মুক্ত বুলি ঘোষণা কৰিছিল। ইয়াৰ পিছতে বৃহস্পতিবাৰে পুৱাৰ ভাগত অখিল গগৈক চান্দমাৰী থানাৰ গোচৰৰ শুনানিৰ বাবে নিয়াৰ আদালতত হাজিৰ কৰা হয় আৰু আদালতে অখিল গগৈক দোষ মুক্ত বুলি ঘোষণা কৰে।

উল্লেখ্য যে অখিল গগৈ দীর্ঘদিন ধৰি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত চিকিৎসাধীন হৈ আছে। নিয়াৰ আদালতে দোষ মুক্ত ঘোষণা কৰাৰ পিছতে পোনে পোনে অখিল গগৈক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয়। কিছুদিন পূৰ্বে অখিল গগৈক আদালতে মাতৃক সাক্ষাৎ কৰাৰ বাবে দুদিনৰ বাবে মুকলি কৰি দিছিল।