নিউজ ডেস্ক, সংবাদ ৩৬৫, ৫ এপ্ৰিল : বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত বি এছ এফৰ সৈতে হোৱা নক্সালবাদীৰ সংঘৰ্ষত শ্বহীদ হয় অসমৰ বীৰ জোৱান বিপুল বৰা। শ্বহীদ বিপুল বৰাৰ ঘৰ শিৱসাগৰ জিলাৰ দিখৌমুখৰ ধনেখোৱাত। বি এছ এফৰ ১১৪ নং বেটেলিয়নৰ জোৱান আছিল বিশ বছৰ পূৰ্বে বি এছ এফত যোগদান কৰা বিপুল বৰা।

বৃহস্পতিবাৰে ছত্তীশগড়ৰ কানকেৰ জিলাত ১১৪ নং বি এছ এফৰ এটা দলে নক্সালবাদী অধ্যুষিত অঞ্চলত পহৰা দি থাকোতে দলটোৰ ওপৰত নক্সালবাদীয়ে আই ই ডি আৰু গোলা-বাৰুদেৰে আক্ৰমণ চলায় আৰু এই আক্ৰমণত বি এছ এফৰ পহৰাদাৰী দলটোৰ বিপুল বৰাকে ধৰি চাৰিজন জোৱান শ্বহীদ হোৱাৰ লগতে দুজন জোৱান আহত হয়।

ছত্তীশগড়ৰ মুখ্য মন্ত্ৰী ভূপেশ বাঘেলে বি এছ এফৰ ওপৰত হোৱা নক্সালবাদী আক্ৰমণক গৰিহণা দি বীৰ শ্বহীদ সকললৈ শ্ৰদ্ধা জনায় আৰু কঠোৰ হাতেৰে নক্সালবাদীক দমন কৰা হ’ব বুলি কয়।