বিশ্বনাথ চাৰিআলি, সংবাদ ৩৬৫, ২৯ মে ‘ : অহা ৪ জুনৰ পৰা ৮ জুন লৈ দিল্লীত অনুষ্ঠিত হ’বলগীয়া কৰিয়া কুকিয়ন কাপ আন্ত :ৰাষ্ট্ৰীয় টাইকোৱানডো প্ৰতিযোগিতালৈ নিৰ্বাচিত হৈছে বিশ্বনাথৰ চেম্পিয়ন মেকাৰ একাডেমী এটি দল ।

উল্লেখযোগ্য যে অসমৰ হৈ প্ৰতিনিধি কৰিব লগীয়া আন্তঃৰাষ্ট্ৰীয় খেল খনত ভাৰত বৰ্ষৰ বিভিন্ন ৰাজ্য লগতে বিশ্বনাথ জিলা তথা বিশ্বনাথ চেম্পিয়ন মেকাৰ একাডেমী পৰা অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ১১ জনীয়া এটি টাইকোৱানডো দল সাজু হৈছে ।

এই ১১ জনীয়া খেলুৱৈ দলটো নেতৃত্বত তথা প্ৰশিক্ষণক হিচাপে দলৰ লগত থাকিব বিশ্বনাথৰ চেম্পিয়ন মেমাৰ একাডেমী মুখ্য পৰিচালক তথা আন্ত:ৰাষ্ট্ৰীয়খ্যাতি সম্পন্ন সমৰকলাবিদ হৃদয়ানন্দ দাস । এই ১১ জনীয়া খেলুৱৈ দলটোত আছে ভুমিস্হা দাস, নিকি দাস , সুদিপ্ত নয়ন বৰা , সুভংম গোস্বামী, অংগদ কাশ্যপ, ভাস্কৰজ্যোতি শইকীয়া, বিসৱ নাৰ্জাৰী, কৌশিক ঘোষ, মঞ্জিত কলিতা, ছিমন দেকা, সুৰজিৎ বৰুৱা।