গুৱাহাটী, সংবাদ ৩৬৫, ২৯ মে’ : ড্ৰাগছৰ ৰম্যভূমিত পৰিণত হৈছে মহানগৰীৰ লগতে দাতিকাষৰীয়া অঞ্চল সমুহ । যোৱাকালি ধাৰাপুৰৰ এছ অ এছ ৰোডৰ পৰা আটক হ’ল ২ ড্ৰাগছ ব্যৱসায়ী । আজাৰা আৰক্ষী থানা আৰু বৰঝাৰ আৰক্ষী চকীৰ যৌথ অভিযানত ধাৰাপুৰৰ এছ অ এছৰোডৰ পৰা আটক হৈছিল ১ গ্ৰাম ড্ৰাগছ,গাঞ্জাসহ ২ ড্ৰাগছ ব্যৱসায়ী ।

আজিও আজাৰা আৰক্ষীয়ে চলোৱা এক অভিযানত বৃহৎ সাফল্য লাভ কৰিলে আজাৰা আৰক্ষীয়ে । বৃহৎ পৰিমাণৰ গাঞ্জাসহ পুনৰ আটক হ’ল ২ ব্যৱসায়ী । বৰ্তমান ৪জন লোক আজাৰা আৰক্ষীৰ জিন্মাত ।

যোৱাকালি পৰাগমনি নাথ নামৰ যুৱকজনক ভি আই ভি যোগীপাৰা পৰা আৰু বিকাশ মেধী নামৰ যুৱকজনক চৌকৰ্দৈৰ পৰা আটক কৰিছিল আজাৰা বিকাশ মেধী । লগতে দুয়োজন ব্যৱসায়ীৰ পৰা উদ্ধাৰ কৰিছিল ৩টা মোবাইল,নগত ধন । আজিও আজাৰাৰ ভিন্ন ঠাইৰ পৰা বৰপেটাৰ নিবাসী ৰহিম আলি আৰু গাড়ীগাওৰ নিবাসী ৰিজু আলি নামৰ ব্যৱসায়ী ২জনক আটক কৰি ২জনৰ বিৰুদ্ধে ৰুজু কৰে গোচৰো ।

আটকাধীন ৪জনকে আজি জেল হাজোতলৈ প্ৰেৰন কৰে আজাৰা আৰক্ষীয়ে । লগতে আজাৰা আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তৰ নিৰ্দেশত চলা এই অভিযান অনাগত দিনটো এনেদৰে অভিযান চলি থাকিব বুলি জনায় আজাৰা আৰক্ষীৰ ভাৰপ্ৰাপ্ত বিষয়া অশোক দত্তই ।