মুস্তাক আহমেদ

জুৰীয়া

২৬ অক্টোবৰ

কুখ্যাত ড্ৰাগছ ব্যৱসায়ী জুৰীয়া আৰক্ষীৰ জালত। জুৰীয়া আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম আটক। দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত আছিল নুৰুল ইছলাম।

নগাঁও জিলাৰ জুৰীয়া আৰক্ষীয়ে এক বিশেষ অভিযান চলাই এজন কুখ্যাত ড্ৰাগছ ব্যৱসায়ী আটক কৰিবলৈ সক্ষম হৈছে। জুৰীয়া আৰক্ষীয়ে এক গোপন খবৰৰ ভিত্তিত অভিযান চলাই আৰক্ষীৰ বাবে মূৰৰ কামোৰণী হৈ পৰা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলামক আটক কৰে। নুৰুল ইছলাম নামৰ ড্ৰাগছ ব্যৱসায়ী জনে উদমাৰী গাঁৱত থকা নিজ ঘৰৰে পৰা ড্ৰাগছ ব্যৱসায় চলাই আছিল। জুৰীয়া আৰক্ষীয়ে প্ৰায় তিনি মাহ পূৰ্বে নুৰুল ইছলামৰ ঘৰত অভিযান চলাই বুজন পৰিমানৰ ড্ৰাগছ জব্দ কৰিছিল। তিনি মাহ পূৰ্বে আৰক্ষীৰ অভিযানত কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম আৰক্ষীৰ হাতৰ পৰা পলাই যাবলৈ সক্ষম হৈছিল।

দীৰ্ঘদিন ধৰি পলাতক অৱস্থাত থকা কুখ্যাত ড্ৰাগছ ব্যৱসায়ী নুৰুল ইছলাম অৱশেষত জুৰীয়া আৰক্ষীৰ বিশেষ অভিযানত জালত পৰে। বৰ্তমান জুৰীয়া আৰক্ষীয়ে অধিক তথ্যৰ বাবে নুৰুল ইছলামক সোধা-পোছা অব্যাহত ৰাখিছে।