বৰপেটা

২৬ অক্টোবৰ

বৰপেটাত ভাৰতীয় সেনাৰ প্ৰশংসনীয় পদক্ষেপ। খাৱৈত পৰা এখন চাৰিচকীয়া বাহন খাৱৈৰ পৰা তুলি আনে জোৱীনসকলে৷ বাহনখনত থকা চাৰি গৰাকীকৈ আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে।

বৰপেটাত ভাৰতীয় সেনাৰ এক প্ৰশংসনীয় পদক্ষেপৰ সকলোৱে শলাগ লৈছে। বিজয় দশমীৰ দিনাই বৰপেটাৰ গণককুছিত এখন মাৰুতি এল্টো গাড়ী দুৰ্ঘটনাগ্ৰস্ত হৈ খাৱৈত পৰি যায়। দুৰ্ঘটনাত খবৰ লাভ কৰিয়ে গণককুছিত থকা ভাৰতীয় সেনা বাহিনীৰ জোৱানসকল লগে লগে দুর্ঘটনাস্থলীত উপস্থিত হৈ খাৱৈৰ পৰা চাৰিচকীয়া বাহনখন তুলি আনে। উল্লেখ্য যে, এএচ-০১-বিই-৭৮৮৯ নম্বৰৰ মাৰুতি এল্টো গাড়ীখন বৰপেটা পলিটেকনিকৰ পৰা ওভোতাৰ পথত দুৰ্ঘটনাগ্ৰস্থ হৈ খাৱৈত পৰে৷ দুর্ঘটনাগ্ৰস্ত গাড়ীখনত থকা চাৰি গৰাকীকৈ আৰোহী সৌভাগ্যক্ৰমে ৰক্ষা পৰে৷

দেশৰ স্বাৰ্থৰ সকলো সময়তে নিজৰ প্ৰাণৰ আহুতি দিবলৈ প্ৰস্তুত থকা ভাৰতীয় সেনাৰ জোৱান সকলে যিকোনো বিপদৰ সময়ত প্ৰথমে দেশবাসীৰ সেৱাৰ বাবে আগুৱাই আহে। ভাৰতীয় সেনাৰ জোৱানসকলে দুৰ্ঘটনাগ্ৰস্ত বাহনখনৰ খাৱৈৰ পৰা উদ্ধাৰ কৰি আনক কাৰ্যক প্ৰশংসা কৰিছে স্থানীয় ৰাইজৰ লগতে গাড়ীখনৰ আৰোহীসকলে৷