আজাৰা, সংবাদ ৩৬৫, ২২ জানুৱাৰী: সু-স্বাস্থ্যৰ অধিকাৰী হ’বলৈ হ’লে এক সুস্থ পৰিৱেশ গঢ়ি তুলিবলৈ লাগিব। সুস্থ পৰিৱেশে জনজীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলায়। কিন্তু যেতিয়া সুস্থ পৰিৱেশ বিনাশ হয় তেতিয়া জনজীৱন হানিকাৰক হয়। তেনে এক হানিকাৰক সুস্থ পৰিৱেশৰ ফলত জনজীৱনৰ প্ৰতি বৰবিহ ৰূপলৈ পৰিণত হৈ উঠিছে ৰাণী অঞ্চল। ৰাণীত এটা ব্যক্তিগত কোম্পানীয়ে বৰবিহ এৰিছে স্থানীয় লোকলৈ। কুবেৰ টিউবচ এণ্ড ফিটিং প্ৰাইভেট লিমিটেড নামৰ কোম্পানীটোৱে বৰ্জিত ৰাসায়নিক দ্ৰব্যসমূহ মুক্তভাৱে পেলাই দিছে খেতি পথাৰত যাৰ বাবে জ্বলি গৈছে খেতিপথাৰ আনকি কোম্পানীটোৰ ওচৰৰ লোকৰ বৰ্জিত ধোৱাৰ ফলত শুকাই গৈছে গছ-গছনি । লগতে স্থানীয় বহু লোক শ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্রান্ত হৈছে । বৰ্জিত পদাৰ্থই এনেদৰে অঞ্চলটোত ক্ষতিসাধন কৰাৰ অভিযোগ ৰাইজে বহুবাৰ কোম্পানীটোক দিছিল যদিও কোনো ব্যৱস্থা গ্ৰহন কৰা নাই কোম্পানীটোৱে। সেয়ে এইবাৰ কুবেৰ টিউবচ এণ্ড ফিটিং প্ৰাইভেট লিমিটেড কোম্পানীটোত গৈ প্ৰতিবাদ কৰে ৰাণীবাসী ৰাইজে । কোম্পানীৰ ভিতৰত গৈ কোম্পানীটোৰ বিষয়াৰ লগত বাক-বিতণ্ডাত লিপ্ত হয় প্ৰতিবাদী ৰাইজে। উল্লেখ্য যে দিনে-নিশাই এই কোম্পানীটোত কাম কৰাৰ বাবে বিকত শব্দৰো সৃষ্টি হোৱাত স্থানীয় লোকৰ দৈনন্দিন জীৱনতো ব্যাপক প্ৰভাৱ পৰে । যদিহে এই কোম্পানীটোৱে এইবাৰ কোনো ব্যৱস্থা গ্ৰহন নকৰে তেতিয়াহলে এই কোম্পানীটোত তলা ওলমোৱাৰ হুংকাৰ স্থানীয় ৰাইজৰ। জনজীৱনৰ প্ৰতি ভাবুকি সৃষ্টি কৰা এনেবোৰ কোম্পানীৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা গ্ৰহন কৰিবনে সেয়া সময়ত হে দেখা যাব।