তামুলপুৰ, সংবাদ ৩৬৫, ২২ জানুৱাৰী: তামুলপুৰ মহকুমাৰ কুমাৰাকাটাত মংগলবাৰে বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ উদ্যোগত এক বিশেষ স্বাস্থ্য পৰীক্ষণ আৰু সজাগতা শিবিৰৰ আয়োজন কৰা হয় ৷ দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভড়াল প্ৰাঙ্গনত আয়োজিত এই স্বাস্থ্য পৰীক্ষন আৰু সজাগতা শিবিৰটো এক ভেকো ভাওনালৈ পৰিবৰ্তন হয় ৷ মেলেৰীয়া, বহুমূত্ৰ, জণ্ডিচ, মানসিক, উক্তৰক্ত চাপ, চৰ্মৰোগ, যক্ষ্মা আদি বিভিন্ন ৰোগৰ স্বাস্থ্য পৰীক্ষা কৰি বিনামূলীয়া দৰব আদি দিয়াৰ লগতে সজাগতা সভাৰো আয়োজন কৰাৰ কথা আছিল ৷ কিন্তু স্থানীয় ভাৱে আগতীয়াকৈ কোনো ধৰনৰ প্ৰচাৰ নকৰাত শিবিৰ সম্পৰ্কত অঞ্চলটোৰ ৰাইজে কোনো খবৰে লাভ নকৰিলে। পুৱা ১১ বজালৈ স্বাস্থ্য বিভাগৰ কৰ্মীয়ে মঞ্চ তথা পোষ্টাৰ মৰাতে ব্যস্ত থাকিল ৷ আনহাতে স্বাস্থ্য শিবিৰত ৰাইজৰ অনুপস্থিতিৰ কথা জানি আমন্ত্ৰিত তামুলপুৰ বিধায়ক তথা বি টি চিৰ স্বাস্থ্য বিভাগৰ কাৰ্যবাহী সদস্য গণেশ কছাৰীও উপস্থিত নহল ৷ দিনৰ বাৰ বজালৈ স্বাস্থ্য শিবিৰৰ সম্পৰ্কত জানিব পাৰি ওচৰ-পাজৰৰ দুই এজন ৰোগী উপস্থিত হয় যদিও জিলা যুটীয়া স্বাস্থ্য সঞ্চালৰ উদ্যোগত অনুষ্ঠিত স্বাস্থ্য পৰীক্ষন আৰু সজাগতা শিবিৰ সম্পৰ্কত উপযুক্ত প্ৰচাৰ নোহোৱাত স্থানীয় সচেতন মহলে উদ্দেগ প্ৰকাশ কৰিছে ৷ আনহাতে মাত্ৰ নিজৰ বিভাগৰ মানুহৰ বাদে স্থানীয় ৰাইজ তথা ৰোগীৰ উপস্থিতি সেৰেঙা দেখি বাক্সা জিলা যুটীয়া স্বাস্থ্য সঞ্চালক গৰাকীয়ে তেওঁৰ তলতীয়া কৰ্মচাৰীৰ ওপৰত দোষ জাপি দিয়াৰ লগতে ঠাণ্ডাৰ কাৰণে মানুহৰ সমাগম বুলি দায় সৰা মন্তব্য দিয়ে ৷ অৱশ্যে স্বাস্থ্য সেৱাৰ পৰা স্থানীয় ৰাইজে সুবিধা নাপালে স্বাস্থ্য বিভাগৰ বিষয়া কৰ্মচাৰীৰ বাবে মাছে -মঙহে ভোজ-ভাতৰ আয়োজন ঠিকেই চলিল ৷