গুৱাহাটী, সংবাদ ৩৬৫, ১৬ ফেব্ৰুৱাৰী: যোৱা ১৪ ফেব্ৰুৱাৰীত জম্মুৰ পুলৱামাত পাকিস্তানী সন্ত্ৰাসবাদীৰ বৰ্বৰ আক্ৰমনত শ্বহীদ হোৱা অসম সন্তান মনেশ্বৰ বসুমতাৰীৰ নশ্বৰ দেহ লৈ অনা হৈছে বৰঝাৰৰ ভাৰতীয় বায়ু সেনা বাহিনীৰ মুখ্য চাৱনিত । বায়ু সেনা বাহিনীৰ এখন বিশেষ বিমানেৰে কলকাতাৰ পৰা লৈ অহা হৈছে বীৰ শ্বহীদ জনৰ নশ্বৰ দেহ । বীৰ শ্বাহীদ গৰাকীক ৰাষ্ট্ৰীয় মৰ্য্যদাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে মূখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱাল, প্ৰাক্তন মুখ্য মন্ত্ৰী তৰুণ গগৈ, বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, ৰকিবুল হুছেইন, ৰিপুন বৰা আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়া, ৰাজ্য চৰকাৰৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, সাংসদদ্বয় বিজয়া চক্ৰৱৰ্তী, ৰমেন ডেকা, বায়ু সেনাৰ উচ্চ পদস্থ বিষয়া, চি আৰ পি এফৰ উত্তৰ পূৰ্বাঞ্চলৰ শীৰ্ষ বিষয়াৰ লগতে কামৰূপ জিলা প্ৰশাসনৰ বিষয়াসকলে। শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ পিছতে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ বায়ু সেনাৰ এখন বিশেষ হেলিকপ্টাৰেৰে লৈ যোৱা হয় তামুলপুৰৰ গৃহভূমিত। আনহাতে শ্বহীদ গৰাকীৰ নশ্বৰ দেহ লৈ অনা কফিন সৰ্বানন্দ সোনোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই নিজে কান্ধত লৈ হেলিকপ্টাৰত উঠাই দিয়ে ।