নৱজ্যোতি বৰুৱা

চামগুৰি

৭ নৱেম্বৰ

নগাঁৱৰ চামগুৰি ৰাজহ চক্ৰৰ অধীনৰ চলচলি মৌজাৰ তথা বঢ়হমপুৰ সমষ্টি অন্তৰ্গত মিকিৰবামুণীৰ লালুং গাঁও, আমদাঙা গাঁৱৰ ৰায়তী খতিয়ান প্ৰাপ্ত কৃষিভূমিৰ পৰা দীৰ্ঘদিন ধৰি দখলদাৰী কৃষক সকলক চৰকাৰ-প্ৰশাসনে বীৰত্ব প্ৰদৰ্শন কৰি উচ্ছেদ কৰি পাৱাৰ প্লান্ট প্ৰজেক্ট স্থাপন কৰিবলৈ লোৱা কাৰ্যৰ বিৰুদ্ধে শনিবাৰে চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ৰ সন্মুখত তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে কেইবাটাও দল সংগঠনে।

উল্লেখযোগ্য যে, অসম চৰকাৰৰ অনুমোদন সাপেক্ষে এপিডিচিএলৰ জৰিয়তে “আজুৰ” কোম্পানীয়ে বঢ়মপুৰৰ হায়ংথলৰ নিকটৱৰ্তী আমদাঙা গাঁৱত সৌৰশক্তিৰে বিদ্যুৎ বিতৰনৰ এক ব্যয়বহুল প্ৰকল্পৰ নিৰ্মাণৰ কাম পূৰ্ণোদ্যমে চলাই আহিছে কিন্তু এনে কাৰ্যত অসন্তুষ্ট হৈ দীৰ্ঘদিন ধৰি দখল কৰি থকা বামুনী হায়ংথলৰ একাংশ লোকে ন্যায়ালয়ৰ কাষ চাপিছে। তাৰে পৰিপ্ৰেক্ষিতত শনিবাৰে কৃষকক উচ্ছেদ কৰা বন্ধ কৰা মানৱ অধিকাৰ সংগ্ৰাম সমিতি, নিখিল ভাৰত কৃষক সভা, কৃষক মুক্তি সংগ্ৰাম সমিতি, সন্মিলিত ঐক্য মঞ্চ, অসম সংগ্ৰামী মঞ্চ, অসম মহিলা সংঘ, গুৱাহাটী উন্নয়ন সমিতিসমূহৰ ঐক্য মঞ্চ, নিখিল ভাৰত যুৱ ফেডাৰেচন আৰু ভাৰতীয় গণ নাট্য সংঘই তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। এই বিক্ষোভ কাৰ্যসূচী জৰিয়তে আমদাঙাৰ এজনো কৃষকৰ কৃষিভূমি বহিৰাগত বণিয়াক গতাই দিয়া নহ’ব বুলি হুংকাৰ দিয়ে প্ৰতিবাদকাৰী সকলে।

আনহাতে মিকিৰ বামুনী গ্ৰান্টৰ মাটিখিনি চামগুৰি ৰাজহ চক্ৰ বিষয়া কাৰ্যালয়ে কোনো ধৰণৰ শ্ৰেণী পৰিৱৰ্তন নকৰাকৈ বহিৰাগত বণিক গোষ্ঠীক চমজাই দিয়াৰ লগতে বিগত ১০ বছৰে সেই কৃষিভূমিত কোনো ধৰণৰ কৃষি কাৰ্য নহয় বুলি মিছা তথ্য প্ৰদান কৰি বহিৰাগত বণিক গোষ্ঠীক ৰঙা দলিছা পাৰি দি ৰাইজক হাৰাশাস্তি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰতিবাদকাৰী সকলে। অসম চৰকাৰ হায় হায়, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰৰিবাদকাৰী সকলে চৰকাৰখনক তীব্ৰ সমালোচনা কৰে।