কুন্দন ভৰালী

নগাঁও

৭ নৱেম্বৰ

নগাঁৱৰ মৰিকলং থানাত উত্তপ্ত পৰিস্থিতি। উদণ্ড যুৱকৰ অসভ্যলি। প্ৰায় ৫০ জনীয়া যুৱকৰ এটা দলে মৰিকলং থানাৰ আৰক্ষীৰ ওপৰত চলালে আক্ৰমণ কৰে। সাৰি নগ’ল মহিলা আৰক্ষীও।

শুক্ৰবাৰে সন্ধিয়াৰ ভাগত নগাঁও জিলাৰ মৰিকলং থানাৰ সমীপৰ ষ্টেছন ৰোডত আৰক্ষীয়ে নিয়মীয়া তালাচী চলাই ছাদ্দিক খান নামৰ এজন যুৱকৰ স্কুতিৰ নথি-পত্ৰ বিচৰাত যুৱক জনে স্কুতিৰ নথি-পত্ৰ আৰক্ষীক দিবলৈ সক্ষম নোহোৱাত আৰক্ষীয়ে স্কুতিখন মৰিকলং থানালৈ লৈ আহে। আৰক্ষীৰ এই কাৰ্যত ক্ষুণ্ণ হৈ প্ৰায় ৫০ জনীয়া যুৱকৰ এটা দল থানালৈ আহি থানাৰ আৰক্ষীৰ ওপৰত শিলাবৰ্ষণ কৰে। যুৱকৰ দলটোৱে আৰক্ষীৰ এখন বাহন ভাঙি সেই স্থানৰ পৰা পলায়ন কৰে।

উপায়ন্তৰ হৈ আৰক্ষীয়ে যুৱকৰ দলটোৰ ওপৰত লাঠী চার্জ কৰে। থানা আক্ৰমণকাৰী দলটোৰ কোনো এজন যুৱককে আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম নহ’ল। ইফালে মৰিকলং থানাৰ নৱনিযুক্ত ভাৰপ্ৰাপ্ত বিষয়া অঞ্জুশ্ৰী কলিতাক উদণ্ড যুৱকৰ দল টোৱে হেঁচা ঠেলা কৰা বুলিও জানিব পৰা গৈছে।