টীয়ক

৭ নৱেম্বৰ

টীয়কৰ এখন ভিতৰুৱা গাঁৱৰ গেলামাল দোকানৰ সন্মুখত হাতে হাতে চাউলৰ টোপোলালৈ ৰাইজৰ ভিৰ। গেলামালৰ দোকানখনত চাউলৰ বিনিময়ত পিয়াঁজ ল’বলৈ ওলাই আহি ৰাইজৰ ভিৰ। চাউলৰ বিনিময়ত পিয়াঁজ বিচাৰি গেলামালৰ দোকানী জনক অতিষ্ঠ কৰে ৰাইজে।

যোৰহাট জিলাৰ টীয়কৰ জগদুৱাৰ বাগিচাৰ অন্তৰ্গত এখন গেলামাল দোকানত চাউলৰ বিনিময়ত পিয়াঁজ বিচাৰি গেলামালৰ দোকানীজনক অতিষ্ঠ কৰি তোলে ৰাইজে। চাউলৰ বিনিময়ত পিয়াঁজ বিচাৰি অহা ৰাইজৰ পৰা পৰিত্ৰাণ পাবলৈ গেলামালৰ দোকানী জনে দোকানখনৰ প্ৰৱেশদ্বাৰত জাননী ওলমাই ৰাইজক অবগত কৰিব লগা হু যে চাউলৰ বিনিময়ত আলু, পিঁয়াজ দিয়াৰ ব্যৱস্থা নাই বুলি।প্ৰকৃততে এয়া সাধাৰণ ৰাইজৰ এক প্ৰতিবাদহে। বিজেপিৰ বিধায়ক প্ৰশান্ত ফুকনৰ এক মন্তব্যত ক্ষোভিত হৈ ৰাইজে এইদৰে প্ৰতিবাদ সাব্যস্ত কৰে।খাদ্য সামগ্ৰীৰ স্বাভাৱিক মূল্যবৃদ্ধিয়ে সৰ্বসাধাৰণ ৰাইজক জলাকলা খুৱাই থকাৰ সময়তে মূল্যবৃদ্ধিকলৈ বিজেপিৰ একাংশ মন্ত্ৰী-বিধায়কৰ মন্তব্যই ৰাইজক ক্ষোভিত কৰি তুলিছে।

শেহতীয়াকৈ মূল্যবৃদ্ধিক লৈ বিজেপি বিধায়ক প্ৰশান্ত ফুকনে কৰা মন্তব্যক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি টীয়কৰ জগদুৱাৰ বাগিচাৰ অন্তৰ্গত এখন গাঁৱৰ ৰাইজে গাঁৱৰ গেলামাল দোকানৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি হাতে হাতে চাউলৰ টোপোলা লৈ আহি গেলামালৰ দোকানখনত চাউলৰ বিনিময়ত পিয়াঁজ বিচাৰে। মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ বিজেপি চৰকাকৰখনৰ বিধায়ক  প্ৰশান্ত ফুকনে মূল্যবৃদ্ধি সন্দৰ্ভত টুলুঙা মন্তব্য প্ৰদান কৰি কৈছিল যে চাউলৰ বিনিময়ত পিয়াঁজ পাব। চৰকাৰে দুখীয়া শ্ৰেণীৰ ৰাইজক যোগান ধৰা বিনামূলীয়া চাউল দি দোকানৰ পৰা পিয়াঁজ ল’ব পাৰে।

প্ৰশান্ত ফুকনৰ এই টুলুঙা মন্তব্যকলৈ গ্ৰাম্যাঞ্চলত অব্যাহত আছে ব্যাপক প্ৰতিক্ৰিয়াৰ। প্ৰশান্ত ফুকনৰ এই বিৰোপ মন্তব্যই গ্ৰাম্যাঞ্চলৰ প্ৰতিজন জনতাক চৰম অপমান কৰিছে আৰু জনপ্ৰতিনিধিসকলৰ এনে আচৰণে গণতন্ত্ৰত কালিমা সানিছে বুলি অনুভৱ কৰি ৰাইজক বিপথে পৰিচালিত নকৰিবলৈ খাতিখোৱা কিন্তু গণতন্ত্ৰত ৰজা পতাত বিশেষ ভূমিকা গ্ৰহণ কৰা সাধাৰণ ৰাইজে আহ্বান জনাইছে। প্ৰতিবাদকাৰী সকলে লগতে প্ৰশান্ত ফুকনক বিধায়ক পদৰ পৰা পদত্যাগ কৰিবলৈও আহ্বান জনাইছে।