সোণতলী, ৯ জানুৱাৰীঃ দক্ষিণ কামৰূপৰ সোণতলীত গাঞ্জা খেতি ধ্বংসাভিযানত নামিল কামৰূপ জিলা আবকাৰী বিভাগ৷ একেদিনাই দুখনকৈ গাঁৱত চলিল আবকাৰী বিভাগৰ অভিযান ৷ সোণতলী আৰক্ষী, অৰ্ধসামৰিক বাহিনী সহযোগত কামৰূপ জিলা আবকাৰী অধীক্ষক মানস প্ৰতিম শৰ্মাৰ নেতৃত্বত চলে এই অভিযান ৷ সোণতলীৰ গৰৈমাৰী বিলৰজান আৰু ৰৌমাৰী গাঁৱত ধ্বংস কৰে পাঁচ শতাধিক জোপা গাঞ্জা গছ ৷ গাঞ্জা গছখিনিৰ বৰ্তমান বজাৰ মুল্য ৩৫-৪০ লাখ টকা হব বুলি আৰক্ষী প্ৰশাসনে জনাবলৈ দিয়ে৷ গাঞ্জা গছ ধ্বংস কৰি খেতিতেই অগ্নি সংযোগ কৰে আবকাৰী বিভাগে ৷