গুৱাহাটী, সংবাদ ৩৬৫, ৬ এপ্ৰিল : ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সভাপতি মাননীয় শ্ৰী যুত ৰণজিৎ দাস ডাঙৰীয়াৰ উপস্থিতিত ৰাজ্যিক কাৰ্য্যালয়ত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতিষ্ঠা দিৱসৰ লগতে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেইগৰাকীমান নেতাই আনুষ্ঠানিকভাবে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে ।

উল্লেখযোগ্য যে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে হোৱা প্ৰবল আন্দোলনৰ প্ৰতিবাদৰ আগশাৰীৰ নেতা আছিল উক্ত নেতাকেইজন।

নাগৰিকত্ব সংশোধনী বিধেয়কৰ সজোৰে বিৰোধিতা কৰি অহা কলা পতাকাৰ লগতে উলংগ হৈও প্ৰতিবাদ কৰা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্তীয় বিভাগৰ সম্পাদক হিৰণ্য পাঠৰীৰ লগতে কেইবাগৰাকীও কৃষক মুক্তি সংগ্ৰাম সমিতিৰ লগতে সমাজসেৱক, চিকিৎসকে আনুষ্ঠানিকভাৱে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে।

উল্লেখযোগ্য যে ৰাজ্যজুৰি বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ থকাৰ সময়ত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্তীয় বিভাগৰ সম্পাদক হিৰণ্য পাঠৰীয়ে কেৱ বিৰোধী বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল। মোডীক কলা পতাকা দেখুৱাৰ পৰা সচিবালয়ৰ সন্মুখত উলংগ প্ৰতিবাদ কৰালৈকে সকলোতে এই গৰাকী ছাত্ৰ নেতাই আগভাগ লৈ আহিছিল।

বিজেপিৰ ৪০ তম প্ৰতিষ্ঠা দিৱসৰ দিনাই দলটোত যোগদান কৰা কৃষক মুক্তি আৰু ছাত্ৰ মুক্তিৰ নেতাকেইজন ক্ৰমে হিৰণ্য পাথৰি(বিত্ত সম্পাদক), অনুসূচীত জাতি যুৱ ছাত্ৰ পৰিষদৰ কামৰূপ মহানগৰ জিলাৰ সাধাৰণ সম্পাদক যাদৱ দাস।

উল্লেখ্য যে, নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ এসময়ত বিজেপিৰ নেতা, মন্ত্ৰীক ক’লা পতাকা দেখুওৱা কাৰ্যসূচীৰ অন্যতম গুৰি ধৰোঁতা আছিল এই নেতাকেইজন। আনকি অসম সচিবালয়ৰ সন্মুখত উলংগ প্ৰতিবাদৰ নেতৃত্ব লৈছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ বিত্ত সম্পাদক হিৰণ্য পাথৰিয়ে। গণতন্ত্ৰ দিৱসৰ দিনা দিল্লীতো ক’লা পতাকা দেখুৱাবলৈ দিল্লী আৰক্ষীৰ জালত পৰিছিল এই গৰাকী নেতা।

আনকি ছয়গাওঁত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক ক’লা পতাকা দেখুৱাই ৰঙিয়া আৰক্ষীৰ জালত পৰিছিল হিৰণ্য পাথৰি। তাৰ পাছতেই সংবাদমেল অনুষ্ঠিত কৰি মন্ত্ৰী হিমন্ত বিশ্বৰ নিৰ্দেশত ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই তেওঁক গুলিয়াই হত্যা কৰা বুলিও মুকলিকৈ অভিযোগ আনিছিল।

উল্লেখযোগ্য যে অনৈতিকভাৱে ধন সংগ্ৰহ, সংবিধান বিৰোধী, দলৰ আদৰ্শ তথা সংগঠন বিৰোধী কাম কাজত জড়িত থকাৰ অভিযোগত ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় বিত্ত সম্পাদক হিৰণ্য পাঠৰীক যোৱা ২ এপ্ৰিলৰ দিনা সংগঠনৰ পৰা বহিস্কাৰ কৰা হৈছিল।

এই যোগদান কাৰ্যক ভাৰতীয় জনতা পাৰ্টীৰ ৰঞ্জিত দাসে উষ্ম আদৰণি জনাই।