বঙাইগাঁও, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ: বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী চকীৰ অন্তৰ্গত মাত্ৰাঘোলাত লাও পাতক কেন্দ্ৰ কৰি দুটা পৰিয়ালৰ মাজত প্ৰচণ্ড মাৰপিট হয়। ফলত এজন গুৰুতৰ ভাৱে আহত হোৱাত চিকিৎসালয়তে মৃত্যু মুখত পৰে। জানিব পৰা মতে মাত্ৰাঘোলা গাৱৰ ফকৰ উদ্দিনৰ ছাগলীয়ে ৰহিমন বেওৱা নামৰ মহিলা এগৰাকীৰ ঘৰত লাওপাত খোৱাৰ বাবে দুয়ো পক্ষৰ মাজত প্ৰথমে কাজিয়া হয় আৰু তাৰ পিছত প্ৰচণ্ড মাৰপিট হয়। মাৰপিটত দুয়ো পক্ষৰ লোক হতাহত হয় যদিও ছাগলীৰ গৰাকী ফকৰ উদ্দিন চোকা অস্ত্ৰৰ আঘাতত গুৰুতৰ ভাৱে আহত হৈ গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল। এই ঘটনা যোৱা ১৪ ছেপ্টেম্বৰতে সংঘটিত হৈছিল। কিন্তু দেওবাৰে নিশা ফকৰ উদ্দিনৰ গুৱাহাটী চিকিৎসালয়ত মৃত্যু হয়। মাৰপিটৰ ঘটনাত দুয়ো পক্ষৰ কেইবাজনো লোক আহত হোৱা বুলি জানিব পৰা গৈছে। মৃত উদ্দিনৰ পৰিয়ালে ইতিমধ্যে কোকিলা আৰক্ষী নিৰীক্ষণ চকীত আব্দুৰ ৰহিম, ৰহিজ উদ্দিন, ছাইফুল ইছলাম, শ্বৰিফুল ইছলাম, আশ্ৰাফুল ইছলাম, ৰহিমন বেওৱা, ইউনুছ আলী, আৰু নজৰুল ইছলামৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে যদিও আৰক্ষীয়ে কোনো আছামীক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই।