গুৱাহাটী, সংবাদ ৩৬৫, ১৭ ছেপ্টেম্বৰ: আজি বিশ্বকৰ্মা পূজা। নিৰ্মাণ-সৃজনৰ দেৱতা দেৱশিল্পৰ আৰাধনা চলিছে চৌদিশে। বিশ্বকৰ্মাৰ আৰাধনা আৰু জয় ধ্বনিৰে মুখৰিত হৈছে আকাশ-বতাহ। মহানগৰীটো উলহ মালহেৰে পালন কৰা হয় বিশ্বকৰ্মা পূজা। জনবিশ্বাস আছে- এই দেৱশিল্পীয়ে নিৰ্মাণ কৰিছিল ইন্দ্ৰপুৰি, স্বৰ্গলোক, যমপুৰি আদি দৃষ্টিনন্দন ৰৈম্যপীঠ। বিশ্বখনিকৰ পূজা উপলক্ষে ৰাজ্যৰ কল-কাৰখানা, উদ্যোগ-প্ৰতিষ্ঠান, গেৰেজ, চৰকাৰী-বেচৰকাৰী প্ৰতিষ্ঠানত ভীষণ ব্যস্ততাই বিৰাজ কৰিছে। গণেশগুৰিৰ ভিন্ন স্থানত বিশ্বকৰ্মা পূজা উপলক্ষ্যে গাড়ীৰ গৰাকীৰে ভৰি পৰা দেখা যায় বিভিন্ন পূজাস্থলীত। চানমাৰিস্থিত জলসিঞ্চন বিভাগৰ মুখ্য কাৰ্যালয়তো বিশ্বকৰ্মা পূজা আয়োজন কৰা হয়।