কোকৰাঝাৰ ২৬ আগষ্টঃ বিটিচিৰ মুখ্য সদৰ কোকৰাঝাৰ জিলা জুডো সন্থাৰ উদ্যোগত কোকৰাঝাৰ ক্ৰীড়া সন্থাৰ ইণ্ডোৰ ষ্টেডিয়ামত আৰম্ভ হৈছে ২৮ তম অসম জুডো চেম্পিয়নঞ্চিপৰ। কাৰ্যসূচী অনুসৰি পুৱা কোকৰাঝাৰ জিলা জুডো সন্থাৰ অধ্যক্ষ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই পতাকা উত্তোলন কৰাৰ পিছতে ৰাজ্যিক জুডো সন্থাৰ পতাকা উত্তোলন কৰে ৰাজ্যিক জুডো সন্থাৰ সভাপতি শৈলেন্দ্ৰ ডেকাই। বিটিচিৰ খেল বিভাগৰ বিভাগীয় মুৰব্বী বিষয়া জোজনা বতী বসুমতাৰীৰ উপস্থিতিত জুডো প্ৰতিযোগিতা উদ্ধোধন কৰে জিলা জুডো সন্থাৰ অধ্যক্ষ তথা বিটিচিৰ কাৰ্য্যবাহী সদস্য ৰাজীৱ কুমাৰ ব্ৰহ্মই। ৰাজ্যিক জুডো সন্থাৰ সাধাৰণ সম্পাদক বানীব্ৰত দাসে সদৰী কৰা মতে উক্ত প্ৰতিযোগিতাত ৰাজ্যৰ ১২ খন জিলাৰ ৩০০কৈও অধিক যুৱক-যুৱতী খেলুৱৈয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাত উন্নত প্ৰদৰ্শন কৰা খেলুৱৈ সকলে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰাৰ সুবিধা লাভ কৰিব। তেওঁ নৱ প্ৰজন্মক শিক্ষাৰ লগতে খেলৰ প্ৰতিও আগ্ৰহী হ’বলৈ আহ্বান জনায়। জুডো প্ৰতিযোগিতা কাইলৈ সামৰণি পৰিব।