গুৱাহাটী, ২৬ আগষ্টঃ আগন্তুক অসম বিধানসভাৰ অধিবেশনৰ পূৰ্বে মেচ কছাৰীসকলক স্বায়ত্ব শাসন প্ৰদানৰ দাবী জনাইছে মেচ কছাৰী জাতীয় পৰিষদে৷ পৰিষদৰ সাধাৰণ সম্পাদক সুবীৰ মেচে এক বিবৃতিত কয় যে ৰাজ্যৰ অন্যতম ভূমিপুত্ৰ মেচ কছাৰী সকলক স্বায়ত্ব শাসন প্ৰদানৰ নামত দীৰ্ঘদিন ধৰি বঞ্চনা কৰি অহা হৈছে৷ অনুসূচিত জনজাতিৰ তালিকাৰ সপ্তম স্থানত থকাৰ পিছতো মেচ কছাৰীসকলে বৰ্তমান পৰ্যন্ত স্বায়ত্ব শাসন লাভ কৰিবলৈ সক্ষম নোহোৱাতো অতিকৈ ৰহস্যজনক৷ সৰ্বানন্দ সোনোৱালৰ নেতৃত্বাধীন বিজেপি মিত্ৰজোঁটৰ চৰকাৰে শাসনত অহাৰ পিছত মেচ কছাৰীসকলক স্বায়ত্ব শাসত প্ৰদান কৰিব বুলি মেচ কছাৰী জনসাধাৰণে আশা কৰিছিল৷ কিন্তু চৰকাৰখনে ডেৰ বছৰীয়া শাসন কালত মেচ কছাৰীসকলক স্বায়ত্ব শাসন প্ৰদানৰ কাৰণে কোনো পদক্ষেপ গ্ৰহণ নকৰাত জনতা সেই আশা ক্ৰমে নিৰ্বাপিত হ’ব ধৰিছে৷ পৰিষদে চৰকাৰক আগন্তুক অসম বিধানসভাৰ নিৰ্বাচনৰ পূৰ্বে মেচ কছাৰীসকলক স্বায়ত্ব শাসন প্ৰদানৰ লগতে উচ্চ সদন গঠনৰ ব্যৱস্থা গ্ৰহণৰ দাবী জনায়৷ অন্যথা পৰিষদে ইয়াৰ যোগ্য প্ৰত্যুত্তৰ দিয়াৰ হুংকাৰ দিয়ে৷