তিতাবৰ, ২৬আগষ্টঃ তিতাবৰ নন্দনাথ শইকীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত এনএছইউআয়ে অধিপত্য লাভ কৰিবলৈ সক্ষম হয়। নিৰ্বাচন দুটা ৰাজনৈতিক দলৰ ভাতৃ সংগঠন এবিভিপি, এনএছইউআই আৰু ছাত্র সংগঠন আছুৰ প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দিতা কৰিছিল। নিৰ্বাচনত এনএছইউআয়ে ক্ৰমে সাধাৰণ সম্পাদক, সহকাৰী সাধাৰণ সম্পাদক,উপ সভাপতিকে ধৰি সৰ্বমুঠ ছটা পদত জয় লাভ কৰে।  সদৌ অসম ছাত্ৰ সন্থায়ে ক্ৰমে তৰ্ক, আলোচনী, উৎসৱ আৰু সমাজ সেৱা পদ জয় লাভ কৰে। বিজেপিৰ ভাতৃ সংগঠন এবিভিপিয়ে তিনিটা পদ ক্ৰমে সংগীত, ফুটবল আৰু ছাত্ৰ জীৰণীকোঠাত জয় হ’বলৈ সক্ষম হয়। মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ নিৰ্বাচনত সাধাৰণ সম্পাদকৰ পদত এনএছইউআইৰ প্ৰাৰ্থী প্ৰসিদ্ধ গগৈয়ে এবিভিপিৰ প্ৰাৰ্থী কৌশিক গগৈক পৰাস্ত কৰে।