কোকৰাঝাৰ, ২৭ আগষ্টঃ সদৌ অসম চৰকাৰী চালক আৰু হেণ্ডিমেন সন্থাৰ বিটিচি শাখাৰ প্ৰথম বাৰ্ষিক অধিবেশনখন এদিনীয়া কাৰ্যসূচীৰে কোকৰাঝাৰস্থিত জলসিঞ্চন বিভাগৰ অতিথিশালাৰ প্ৰাংগনত অনুষ্ঠিত হয়৷ পুৱা সন্থাৰ পতাকা উত্তোলনৰে অধিবেশন কাৰ্যসূচী মুকলি কৰে বিটিচি শাখাৰ  সভাপতি ৰিংখাছাও বসুমতাৰীয়ে৷ ইয়াৰ পিছতে সন্থাৰ ফালৰ পৰা চাৰিগৰাকী শ্বহীদৰ স্মৃতিত পুষ্পাৰ্ঘ অৰ্পন কৰে শাখাৰ  সম্পাদক বিশ্বনাথ ফাৰাংগাঠিয়ে ৷ আনহাতে দিনজোৰা কাৰ্যসূচীৰে আয়োজিত অধিবেশনখনত বিটিচিৰ চালক আৰু হেণ্ডিমেন সকলৰ বিভিন্ন সমস্যাৰ ওপৰত আলোকপাত কৰাৰ লগতে বিটিচি শাখাৰ পূৰ্বৰ সমিতিখন ভংগ কৰি  নতুন সমিতিখন  গঠন কৰা হয় ৷ অধিবেশনৰ প্ৰতিনিধি সভাৰ সৰ্বসন্মতিমৰ্মে গঠিত সদৌ অসম চৰকাৰী চালক আৰু হেণ্ডিমেন সন্থাৰ বিটিচি শাখাৰ ১৫ জনীয়া নতুন সমিতিত সভাপতি হিচেপে কালীচৰণ ব্ৰহ্ম আৰু সম্পাদক হিচাপে চন্দন স্বৰ্গীয়াৰীক মনোনীত কৰা হয় ৷ উল্লেখ্য যে অধিবেশনখনত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি সদৌ অসম চৰকাৰী চালক আৰু হেণ্ডিমেন সন্থাৰ সভাপতি পৰেশ কলিতাই অসমৰ চৰকাৰী চালক আৰু হেণ্ডিমেনৰ দীৰ্ঘদিনীয়া সমস্যাৰ ওপৰত চৰকাৰে হৃদয়ঙ্গম নকৰা বুলি ক্ষোভ প্ৰকাশ কৰে৷ তেওঁ ৮ বছৰ, ১৬ বছৰ আৰু ২৪ বছৰ কৰ্মৰত চৰকাৰী চালক সকলক গ্ৰেড – ২, গ্ৰেড – ১ আৰু চিনিয়ৰ গ্ৰেড সৃষ্টি কৰি পদোন্নতি দিয়াৰো দাবী উত্থাপন কৰে ৷ সন্থাই লগতে অধিবেশনৰ যোগেদি বিটিএডিৰ চৰকাৰী কৰ্মৰত ১৯৯৩ চনত নিযুক্তি পোৱা চালক-হেণ্ডিমেন সকলক পেঞ্চন, স্বাস্থ্য বীমা, মৃতকৰ আত্মীয়ক চাকৰীত সংস্থাপন, যাতায়াত ভাট্টা আৰু কাৰ্যালয় চৌহদত চালক সকলৰ বাবে জিৰণিচৰা স্থাপন কৰা আদি  দাবীকে ধৰি বিভিন্ন সমস্যা সমাধান কৰাৰ বাবে বিটিচি প্ৰশাসনক দাবী জনায় ৷ অধিবেশনত সদৌ অসম চৰকাৰী চালক আৰু হেণ্ডিমেন সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক বীৰেজ দাস আৰু সৰ্বভাৰতীয় চৰকাৰী ড্ৰাইভাৰ ফেডাৰেচনৰ নেতা মিলন ৰাজবংশীৰ লগতে বিটিচি শাখাৰ দুই শতাধিক চালক-হেণ্ডিমেনে অংশ গ্ৰহণ কৰে ৷