গুৱাহাটী, ২৭ আগষ্টঃ সাংবাদিক ৰীমা শৰ্মাৰ আকস্মিক মৃত্যুত ৰাজ্যৰ বিভিন্ন দল সংগঠনে গভীৰ শোক প্ৰকাশ কৰিছে। গুৱাহাটী প্ৰেছ ক্লাব, দিছপুৰ প্ৰেছ ক্লাবৰ লগতে আমছু, আপকু, দক্ষিণ নলবাৰী প্ৰেছ ক্লাৱ আৰু ৰাজ্যৰ সকলো প্ৰেছ ক্লাৱে প্ৰয়াত সাংবাদিকগৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰাৰ লগতে পৰিয়ালবৰ্গলৈ সমবেদনা জনায়। বিভিন্ন দল সংগঠনে পথ দুৰ্ঘটনা সংঘটিত কৰি পলায়ণ কৰা ট্ৰাকখন জব্দ কৰাৰ লগতে চালকজনক গ্ৰেপ্তাৰ কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনায়। উল্লেখ্য যে, ৰীমা শৰ্মা দীৰ্ঘদিন ধৰি প্ৰাগ নিউজৰ সাংবাদিক হিচাপে কৰ্মৰত আছিল। যোৱা নিশা দুৰ্বৃত্তৰ চুৰিকাঘাটত গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা নিউজ লাইভৰ সাংবাদিক বিমান কলিতাৰ খবৰ ল’বলৈ যোৱাৰ সময়ত সাংবাদিক ৰীমা শৰ্মাক ইটা ভৰ্তি ট্ৰাকে খুন্দা মৰাত নিহত হয়। বিমান কলিতাক যোৱা নিশা বর্ষাপাৰাত দুৰ্বৃত্তই চুৰিৰে আক্ৰমণ কৰাত বিমান কলিতাৰ লগতে বিমানৰ মোমায়েক গুৰুত্বভাৱে আঘাতপ্ৰাপ্ত হৈ চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।