যোৰহাট, ২৭ আগষ্টঃ যোৰহাট ৰংদৈৰ দ গাঁও নৱদ্বীপ সমাজ কল্যাণ কেন্দ্ৰত দ্বিতীয় বৰ্ষৰ কিক বক্সিং চেম্পিয়নশ্বিপ অনুস্থিত হয় । ছাত্ৰ- ছাত্ৰী সকলৰ শাৰিৰীক বিকাশৰ প্ৰতি লক্ষ্য ৰাখি অনুস্থিত কৰা খেলখনত বিভিন্ন কেজিত প্ৰায় ১,৫০০ খেলুৱৈয়ে অংশগ্ৰহণ কৰে । এই খেলখনৰ লগত সংগতি ৰাখি ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, এছিছট ৱৰ্ল্ড ৰেকৰ্ড  আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নাম খোদিত কৰিবলৈ সক্ষম হোৱা প্ৰশিক্ষক সিদ্ধাৰ্থ শংকৰ শইকীয়াক আনুষ্ঠানিকভাৱে স্বীকৃতি প্ৰদান কৰা হয়। উল্লেখ্য যে, ৩০ এপ্ৰিলত সিদাৰ্থ শংকৰ শইকীয়াই চলন্ত বাইকত ৫৭ ছেকেণ্ডত ৬০  বাৰ চিট আপ মাৰি ক্ৰমে ইণ্ডিয়া বুক অৱ ৰেকৰ্ড, এছিছট ৱৰ্ল্ড ৰেকৰ্ড আৰু এছিয়া বুক অৱ ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰে। ইয়াৰ পূৰ্বে ২০১২ চনৰ ২৪ ডিচেম্বৰত ৪৬.৫ মিনিটত ৪০ খন যোগাসন আৰু ২০১২ চনৰ ৩১ মাৰ্চত ৫৫ মিনিটত ৬২ খন যোগাসন প্ৰদৰ্শন কৰি ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছিল।