গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ গঁড় সুৰক্ষাৰ বাবে বিশেষ বাহিনী৷ শীঘ্ৰে কাজিৰঙাত নিযুক্তি ৯০ জনীয়া ৰাইন’ প্ৰটেক্সন ফোৰ্চ৷ অসম আৰক্ষীয়ে ইতিমধ্যেই বন বিভাগলৈ প্ৰেৰণ কৰিছে গঁড় সুৰক্ষা বাহিনীত নিযুক্তি পাবলগীয়া ৯০ জনীয়া আৰক্ষীৰ তালিকা৷ শীঘ্ৰেই কাজিৰঙাৰ ২৪১৩টা গঁড়ৰ সুৰক্ষাৰ দায়িত্ব ল’ব এই বাহিনীয়ে৷ ৮১ গৰাকী পুৰুষ আৰু ৯ গৰাকী মহিলাৰে গঠিত হ’ৱলগীয়া গঁড় সুৰক্ষা বাহিনীটোক আধুনিক প্ৰশিক্ষণ প্ৰদান কৰাৰ লগতে অত্যাধুনিক অস্ত্ৰৰে সুসজ্জিত কৰা হ’ব৷ উল্লেখ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হৈ থকা ধাৰাবাহিক গঁড় হত্যা ৰোধ কৰাৰ ক্ষেত্ৰত ব্যৰ্থ হ’বলগীয়া হৈছিল পুৰণিকলীয়া অস্ত্ৰ ব্যৱহাৰ কৰাৰ বাবে ৷ বহু সময়ত চোৰাং চিকাৰীয়ে একে৫৬ৰ দৰে অত্যাধুনিক অস্ত্ৰ ব্যৱহাৰ কৰি নিৰ্বিঘ্নে গঁড় হত্যা কৰি অনায়াসে পলায়ন কৰিবলৈ সক্ষম হৈছিল৷ কাজিৰঙাত নিয়োজিত হ’বলগীয়া সুৰক্ষা বাহিনীৰ জোৱান সকলক চোৰাং চিকাৰীৰ সৈতে মোকাবিলা কৰা আৰু গভীৰ অৰণ্যত অভিযান চলোৱাৰ বাবে বিশেষভাৱে প্ৰশিক্ষিত কৰি তোলা হ’ব৷ বৰ্তমানে কাজিৰঙাৰ সুৰক্ষা দায়িত্বত নিয়োজিত হৈ আছে অসম আৰক্ষী বেটেলিয়ান আৰু বনকৰ্মী৷ বিগত ৩ বছৰত ৰাষ্ট্ৰীয় উদ্যানত ৩০টাকৈ গঁড়ৰ মৃত্যু হৈছিল৷ ইয়াৰ ভিতৰত ২২টা গঁড় চোৰাং চিকাৰীৰ হাতত নিধন হৈছিল৷

গঁড় সুৰক্ষা বাহিনীৰ উপৰিও নগাঁও, বৰপেটা আৰু ধুবুৰী জিলাৰ বাবে ১৩৮৬ জন জোৱান নিৰ্বাচিত হৈছে এবি কনিষ্টবল পদৰ বাবে। অসম আৰক্ষীৰ ৫৬২৪টা পদতো অতি শীঘ্ৰে নিযুক্তি প্ৰদান কৰা হব বুলি প্ৰদীপ কুমাৰে জানিবলৈ দিয়ে। ইয়াৰে ১৩০টা পদ উপ পৰিদৰ্শকৰ, ১৮৫১টা পদ ইউবি কনিষ্টবল, ৩৬৪৩টা পদ এবি কনষ্টিবলৰ বাবে আছে। বন বিভাগ, কাৰাগৰ আৰু এআইএছএফতো অচিৰে নিযুক্তি দিয়া হ’ব। বন বিভাগৰ ৫২৫টা ফৰেষ্ট গাৰ্ডৰ পদ আৰু জেল ৱাৰ্ডেনৰ ১৩৫টা পদৰ নিযুক্তিৰ বাবে ১০ দিনৰ ভিতৰতে প্ৰকাশ পাব বিজ্ঞাপন। এআইএছএফৰ ১৪৫টা পদতো শীঘ্ৰে দিয়া হ’ব নিযুক্তি। ২ শতাংশ পদৰ সংৰক্ষিত থাকিব গৃহৰক্ষী বাহিনীৰ জোৱান, খেলুৱৈ, এছপিঅ, আত্মসমৰ্পনকাৰী উগ্ৰপন্থীৰ বাবে আৰু উগ্ৰপন্থী জৰ্জৰিত অঞ্চলৰ লোকৰ বাবে ১০ শতাংশ পদ সংৰক্ষিত থাকিব বুলিও সংবাদ মেলত জানিবলৈ দিছে আৰক্ষী নিয়োগ বোৰ্ডৰ অধ্যক্ষ প্ৰদীপ কুমাৰে।