গুৱাহাটী, সংবাদ ৩৬৫, ৩ এপ্ৰিলঃ এচিয়াৰ ঐতিৰ্য্যমণ্ডিত ডিগবৈ তেল শোধনাগাৰ সমস্যা সমাধানৰ দাবীত মঙলবাৰে অসম বিধান সভাৰ মজিয়াত সৰব হৈ পৰে ডিগবৈৰ বিধায়ক সুৰেন ফুকন৷ বিধানসভাৰ মজিয়াত অধ্যক্ষ হীতেন্দ্ৰ নাথ গোস্বামীৰ দৃষ্টি গোচৰ কৰি বিধায়ক সুৰেন ফুকনে ইয়াৰ শোধন ক্ষমতা অতি কমেও তিনি নিযুত টনলৈ বৃদ্ধি কৰাৰ দাবী জনায়৷ লগতে ভাষন প্ৰসংগত বিধায়ক ফুকনে কয় যে, ২০০৮ চনত ভাৰতীয় তেল নিগমে অসম অইলৰ মাৰ্কেটিং ডিভিজনটো কলিকতালৈ হস্তান্তৰ কৰাৰ ফলত শোধনাগাৰটোৰ সৈতে জড়িত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ব্যৱসায়ীয়ে নিবিদাত অংশ গ্ৰহন কৰিবৰ বাবে কলিকতালৈ ঢাপলি মেলিবলগীয়া হয়৷ লগতে শোধনাগাৰৰ নিযুক্তিৰ বিষয়টোও কলিকতাৰ পৰা নিয়ন্ত্ৰিত হোৱাত আহুকালৰ সৃষ্টি হয়৷ সেয়েহে ডিগবৈ শোধনাগাৰৰ বাবে সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলক সামৰি নৰ্থ ইষ্ট জন গঠন কৰি ইয়াৰ কাৰ্য্যলয় ডিগবৈতে স্থাপন কৰিব লাগে বুলি দাবী উত্থাপন কৰে৷ আনহাতে বিধান সভাৰ মজিয়াত শোধনাগাৰটোৰ ওপৰিও চাহ শ্ৰমিক আৰু ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যাক লৈয়ো সৰব হৈ পৰে বিধায়ক সুৰেন ফুকন৷ চাহ শ্ৰমিকৰ নূন্যতম মজুৰি তিনিশ টকা প্ৰদান কৰিবলৈ মালিকপক্ষক হেচা প্ৰয়োগ কৰা, চাহ বাগিছাৰ বিদ্যালয় তথা শিক্ষা ব্যৱস্থা আৰু বাগিছাৰ চিকিৎসালয় তথা স্থাস্থ্যৰ মান উন্নত কৰা, ক্ষুদ্ৰ চাহ খেতিয়কক ভূমিৰ পট্টা প্ৰদান কৰা আৰু কেচা চাহ পাতৰ দৰ চৰকাৰীভাবে নিৰ্ধাৰন কৰাকে ধৰি কেইবাটাও দাবী উত্থাপন কৰে বিধায়ক সুৰেন ফুকনে৷