মাৰ্ঘেৰিটাৰ পৰা ৰবিন শৰ্মা, সংবাদ ৩৬৫, ৪ এপ্ৰিলঃ জাগুন অঞ্চলৰ বিভিন্ন সমস্যা সমাধানৰ দাবীত বুধবাৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পথ অৱৰোধ কাৰ্য্যসূচী গ্ৰহণ কৰে। জাগুন নামচিক সংযোগী পথ অতি শীঘ্ৰে মেৰামতি কৰা, অত্যাধিক বোজা কঢ়িওৱা যান বাহনৰ চলাচল বন্ধ ৰখাৰ লগতে বুঢ়ীদিহিং টিৰাপ নদীত চলি থকা অবৈধ শিল বালি খনন অতি শীঘ্ৰে বন্ধ কৰাৰ দাবীত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ টিৰাপ জাগুন আঞ্চলিক সমিতিয়ে পথ অৱৰুধ কাৰ্যসূচী গ্ৰহণ কৰে। পথ অৱৰোধৰ সময়ত প্ৰতিবাদকাৰী সকলে ”গড়কাপ্তানী মন্ত্ৰী পৰিমল শুক্লবৈদ্য মুৰ্দাবাদ, বনমন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম মুৰ্দাবাদ, বিধায়ক ভাস্কৰ শৰ্মা মুৰ্দাবাদ” শ্লগানেৰে জাগুনৰ আকাশ বতাহ উত্তাল কৰি তুলে। প্ৰতিবাদকাৰী সকলে পথ অৱৰোধ কাৰ্যসূচীৰ অন্তত মাৰঘেৰিটাৰ চক্ৰ বিষয়াৰ যোগেদি মুখ্যমন্ত্ৰীলৈ এখন স্মাৰক পত্ৰও প্ৰেৰণ কৰে। চৰকাৰে অতি শীঘ্ৰে যদি এই সমস্যাসমূহৰ স্থায়ী সমাধানৰ ব্যৱস্থা গ্ৰহণ নকৰে তেন্তে ভৱিষ্যতে ইয়াতকৈ জংগী আন্দোলন গঢ়ি তোলা হ’ব বুলি প্ৰতিবাদকাৰীসকলে হুংকাৰ দিয়ে।