আছাহিদুল আলম

ডবকা

৭ নৱেম্বৰ

সংবাদ মাধ্যমৰ বাবে আশাৰ পোহৰ নামি আহিল এটি দৰিদ্ৰ পৰিয়াললৈ। সংবাদ মাধ্যমত বাতৰি প্ৰকাশৰ পিছতে নীলবাগানৰ এজন দূৰ্ভগীয়া যুৱকলৈ হৃদয়বান লোকসকলে আগবঢ়াইছে সাহায্য৷ চৌদি আৰব, ডুবাইৰ উপৰিও আমেৰিকাৰ পৰা আহিছে সাহায্য৷

কিছুদিন পূৰ্বে হোজাই জিলাৰ নীলবাগানক আব্দুল হেলিম নামৰ এজন দৰিদ্ৰ যুৱক এক ভয়ানক দূৰ্ঘটনাত দুয়োখন ভৰিত গুৰুত্বৰভাৱে আঘাতপ্ৰাপ্ত হৈছিল৷ যুৱকজনৰ চিকিৎসাৰ বাবে প্ৰয়োজন হোৱা কেবালক্ষ টকা পৰিয়ালৰ লোকে বাহন কৰিব নোৱাৰি সংবাদ মাধ্যমযোগে পৰিয়ালটিয়ে ৰাইজৰ পৰা সহায় ভিক্ষা কৰিছিল৷ সংবাদ মাধ্যমত বাতৰি প্ৰকাশ পোৱাৰ পিছতে যুৱকজনক সহায়ৰ বাবে আগবাঢ়ি আহিছে বহু হৃদয়বান লোক৷ যুৱকজনৰ পৰিয়ালৰ বেংক একাউন্টত বহু হৃদয়বানে লোকে সাহায্য আগবঢ়োৱাৰ উপৰিও বাতৰিৰ প্ৰভাৱত চৌদি আৰব, ডুবাই আদিৰ পৰা বহু লোকে ধন প্ৰদান কৰে৷ কৰ্মসুত্ৰে কুৱেইটত থকা নীলবাগানৰ গোলাব হুছেইন, ওমান মস্কটৰ আৰবী ব্যৱসায়ী ফাহাদ আল হুকমানীয়ে দৰিদ্ৰ যুবকজনলৈ আৰ্থিক সাহায্য আগবঢ়াইছে।অকল ইমানেই নহয় সুদুৰ আমেৰিকাৰ পৰাও যুৱকজনলৈ আহিছে সাহায্য৷ কৰ্মসুত্ৰে আমেৰিকা নিউয়ৰ্কত বাস কৰা যমুনামুখৰ ফিৰোজ আলীয়ে যুৱকজনলৈ ১০ হাজাৰ টকাৰ সাহায্য আগবঢ়াইছে৷ ফিৰোজ আলী যমুনামুখ এআইইউডিএফ দলৰ সাধাৰণ সম্পাদক মোহাম্মদ আলীৰ ভাতৃ৷

ইতিমধ্যে ৰাইজৰ সহায় সহযোগিতাত সম্পন্ন হৈছে দূৰ্ঘটনাগ্ৰস্থ দৰিদ্ৰ ৰোগীজনৰ দুয়োখন ভৰিৰ অস্ত্ৰোপ্ৰচাৰ৷ স্থানীয় ৰাইজে যুৱকজনলৈ আৰ্থিক সাহায্য আগবঢ়াইছে৷ এতিয়াও পাটনাত চিকিৎসাধীন হৈ থকা যুৱকজনৰ প্ৰয়োজন কেবা লক্ষ টকাৰ৷ হৃদয়বান লোকসকলক সহায়ৰ বাবে আহ্বান জনাইছে পৰিয়ালটিয়ে৷