গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মঙ্গলবাৰে আমবাৰীস্থিত হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ সঞ্চালকায়ৰ বস্ত্ৰভৱন প্ৰাংগণত গামোছা মেলা-২০১৯ শীৰ্ষক মেলাৰ উদ্বোধন কৰা হয়। অসম চৰকাৰৰ হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগৰ কামৰূপ জিলাৰ সহকাৰী সঞ্চালকৰ কাৰ্য্যালয়ৰ উদ্যোগত আয়োজন হোৱা এই মেলা অহা ১৩ এপ্ৰিল পৰ্যন্ত পুৱা ১০ বজাৰ পৰা সন্ধিয়া ৮ বজালৈকে খোলা থাকিব।

উদ্বোধনী অনুষ্ঠানত তেওঁলোকে কয় যে কামৰূপ মহানগৰ আৰু কামৰূপ জিলাৰ ২৪ খন প্ৰাথমিক বোৱা কটা সমবায় সমিতি আৰু বিভাগীয় ৫ টা শিপিনী সম্প্ৰসাৰণ সেৱা কেন্দ্ৰৰ দ্বাৰা উৎপাদিত হাতে বোৱা কাপোৰ এই মেলাত উপলদ্ধ হ’ব। প্রায় ৩০ হাজাৰখন গামোছাৰ লগতে অন্যান্য বস্ত্ৰ বিক্ৰীৰ জৰিয়তে প্রায় ৫০ লাখ টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হ’ব।

উদ্ধোধনী ভাষণত সঞ্চালিকা কবিতা ডেকাই কয় হস্ততাঁত আইন ১৯৮৫ ৰূপায়ন হৈ থকাৰ বাবে থলুৱাভাৱে নিৰ্মিত গামোছা, চাদৰ-মেখেলা আদিৰ চাহিদা বৃদ্ধি পোৱাটো এক শুভ লক্ষণ। ৰাজ্যৰ শিপিনীসকলে এই সুযোগৰ সদ ব্যৱহাৰ কৰি অধিক উৎপাদনত মনোনিবেশ কৰিবলৈ তেখেতে আহ্বান জনায়। গ্ৰাহকৰ চাহিদা অনুযায়ী লগতে কাপোৰৰ গুণগত মান উন্নত কৰি সম্পূৰ্ণ ব্যৱসায়িক মনোভাৱেৰে কাপোৰ উৎপাদন কৰিলেহে বহিঃ ৰাজ্যৰ উৎপাদিত গামোছা, চাদৰ-মেখেলা আদিৰ আমদানি ৰোধ কৰাটো সম্ভৱ।

উক্ত অনুষ্ঠানত পৰিদৰ্শকগৰাকীয়ে অসমৰ ৰাইজক বহিঃ ৰাজ্যত উৎপাদিত গামোছা ত্যাগ কৰি অসমৰ থলুৱা শিপিনীৰ হাতে বোৱা গামোছা ৰঙালী বিহুৰ উপহাৰ হিচাপে দিবলৈ অনুৰোধ জনায়।