হাউলী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : সম্প্ৰতি আই পি এল ক্ৰিকেট কেন্দ্ৰীক জুৱাৰ ঘাটিত পৰিণত হৈছে বৰপেটা জিলাৰ হাউলী অঞ্চল । সোমবাৰে নিশা হাউলী আৰক্ষীয়ে অভিযান চলাই হাউলী নগৰৰ চাৰি নং ৱাৰ্ডৰ আয়েন মণ্ডল ৰোডৰ আঃ কৰিমৰ পুত্র আব্দুল হামিদ নামৰ আইপিএল জুৱাৰী এজনক আটক কৰিবলৈ সক্ষম হৈছে ।

প্ৰাপ্ত তথ্য অনুসৰি আটকাধীন আইপিএল বুকি আব্দুল হামিদৰ পৰা এটি মোবাইল হেণ্ডছেট,জুৱা সম্পৰ্কীয় নথি-পত্রৰ লগতে নগদ ১৬,৫১০ টকা উদ্ধাৰ কৰিছে বুলি হাউলী আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া চন্দন গোস্বামীয়ে জানিবলৈ দিয়ে ।

ইতিমধ্যে আটকাধীন যুৱকজনৰ বিৰুদ্ধে ১৪ অফ আসাম গেম এণ্ড বেটিং এক্ট ১৯৭০ আইনৰ অধীনত ১৫৯/১৯ নম্বৰৰ এটি গোচৰ পঞ্জীয়ন কৰি আজি জেল হাজোতলৈ প্ৰেৰণ কৰে । উল্লেখ্য যে ইয়াৰ পূৰ্বেও হাউলী আৰক্ষীয়ে আন এজন জুৱাৰী আটক কৰি জেল হাজোতলৈ প্ৰেৰন কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই প্ৰকাশ কৰিছে।