গুৱাহাটী, সংবাদ ৩৬৫, ৮ এপ্ৰিল : মোদীৰ চকীদাৰ হ’ব পৰা যোগ্যতা নাই। ধনী শ্ৰেণীৰ তথা কৰ্পৰেট গোষ্ঠীৰ অজ্ঞাবাহী চকীদাৰ হব পাৰে কিন্তু দেশবাসীৰ চকীদাৰ হব নোৱাৰে- অদীপ কুমাৰ ফুকন

অসম সংগ্ৰামী মঞ্চই মঙ্গলবাৰে বিজেপি দল আৰু চৰকাৰৰ বিৰুদ্ধে মহা অভিযোগ নামা কিয় এই বিষয়টোৰ সন্দৰ্ভত এক সংবাদমেলৰ আয়োজন কৰে আৰু উক্ত সংবাদমেলতে অসম সংগ্ৰামী মঞ্চৰ তথা সাংবাদিক অদীপ কুমাৰ ফুকনে নৰেন্দ্ৰ মোদীক কঠোৰ সমালোচনা কৰি সংবাদ মাধ্যমৰ আগত কয় যে নৰেন্দ্ৰ মোদীয়ে চকীদাৰ হিচাপে দায়িত্ব পালন কৰাত ব্যৰ্থ হৈছে।

নৰেন্দ্ৰ মোদীয়ে সাম্প্ৰদায়িক সংঘৰ্ষৰ পৰা নিৰীহ নাগৰিকৰ মৃত্যু, কৃষক তথা কৃষক শ্ৰমিকৰ আত্মহত্যাৰ তথ্য চকীদাৰী পদবী হেৰুৱাৰ ভয়ত ৰাজহুৱা কৰাটো বন্ধ কৰি দিলে।

চকীদাৰ হৈ থকাৰ সময়তে দেশৰ সামৰিক আৰু অসামৰিক বাহিনীৰ লোকসকলক লৈ ২০১৬, ২০১৭ আৰু ২০১৮ত চি আৰ পি এফে আত্মহত্যা কৰিবলগা ঘটনাৰ পিছত চকীদাৰ হৈ থকাৰ কিবা যোগ্যতা আছে নে ? আনহাতে ২০১৪ ৰ পৰা ২০১৯লৈ ভাৰতীয় সেনাক সন্ত্ৰাসবাদীয়ে হত্যা কৰিলে কেনেকৈ? ইয়াৰ পিছতো দেশৰ চকীদাৰ হৈ থকাৰ যোগ্যতা আপোনাৰ আছে নে ?

নৰেন্দ্ৰ মোদীৰ পূৰ্ণ সহযোগিতাৰ ফলত ভাৰতৰ এক শতাংশ ধনী ব্যক্তিৰ ডোখললৈ দেশৰ ৭৩ শতাংশ সম্পদ আৰু চকীদাৰ হবলৈ আহ্বান জনোৱা দেশৰ ৯৯ শতাংশ লোকৰ হাতত মাত্ৰ ২৭ শতাংশ আছে।

অদীপ কুমাৰ ফুকনে নৰেন্দ্ৰ মোদীক উদ্দেশ্যি কয় যে দেশৰ সৎ, নিষ্ঠাৱান, প্ৰকৃত চকীদাৰক অপমানিত নকৰিব। প্ৰকৃত চকীদাৰ হোৱাৰ যোগ্যতা আপোনাৰ নাই। ঘৃণা, সাম্প্ৰদায়িক তা ,লুণ্ঠন, বঞ্চনা ৰ আপুনি চকীদাৰ। আপোনাৰ দৰে চকীদাৰ হবলৈ দেশবাসীক আহ্বান নজনাব। কাৰণ আপুনি এজন অযোগ্য চকীদাৰ। দেশবাসীয়ে আপোনাক চকীদাৰ দায়িত্বৰ পৰা অপসাৰণ কৰাৰ আগতে আপুনি স্বইচ্ছাৰে অৱসৰ গ্ৰহণ কৰা উচিত।