হামবাৰ্গ, ৩ ছেপ্তেম্বৰঃ বিশ্ব বক্সিং চেম্পিয়নশ্বিপত গৌৰৱ বিধুৰীয়ে প্ৰথমটো ৱাইল্ড কাৰ্ড লাভ কৰাৰ কেইটামান দিন পিছতেই আন্তঃৰাষ্ট্ৰীয় বক্সিং সংস্থা চমুকৈ আইবাৰ অধ্যক্ষ ড০ ছিং কুঅ’ ৱ’ই নৱেম্বৰ মাহত গুৱাহাটীত অনুষ্ঠিতব্য বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিছে৷ বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াৰ সভাপতি অজয় সিঙে কয় যে, এয়া আমাৰ বাবে প্ৰকৃততেই এক আনন্দৰ বিষয়৷ ইয়েই প্ৰমাণ কৰে যে বিশ্বৰ বক্সিং ক্ষেত্ৰখনে আমাক পুনৰ শক্তিধৰ হিচাপে গ্ৰহণ কৰিছে৷ এতিয়া ইয়াৰ পৰা আমি মাথো সাফল্যৰ পথ চুমিব পাৰো৷ উল্লেখ্য যে, ভাৰতে অহা ২০২১ চনত নতুন দিল্লীত হ’বলগীয়া বিশ্ব চেম্পিয়নশ্বিপ আয়োজনেৰে বিশ্বত সমীহ আদায় কৰিবলৈ সক্ষম হৈছে৷ এক প্ৰেছ বিবৃতিত জনোৱা মতে, বক্সিং ফেডাৰেছন অৱ ইণ্ডিয়াই অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হৈ আইবাৰ অধ্যক্ষ ড. চিং কুঅ’ ৱ’ক এখন গামোচা, এশিঙীয়া গড়ৰ প্ৰতিমূৰ্তি অৰ্পন কৰাৰ লগতে বিশ্ব মহিলা যুৱ বক্সিং চেম্পিয়নশ্বিপৰ বাবে আনুষ্ঠানিক নিমন্ত্ৰণী পত্ৰ প্ৰদান কৰে৷ অজয় সিংৰ নেতৃত্বত শেহতীয়াকৈ আৰম্ভ হোৱা এনে শক্তিশালী পদক্ষেপৰ ভূয়সী প্ৰসংশা কৰি আইবাৰ অধ্যক্ষগৰাকীয়ে নিমন্ত্ৰণী পত্ৰ গ্ৰহণ কৰি গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাখনত উপস্থিত থকাৰ প্ৰতিশ্ৰুতি দিয়ে৷ বিএফআইৰ সভাপতি অজয় সিঙে লগতে কয় যে, এই খবৰে আমাৰ চেম্পিয়নশ্বিপখনক নিসন্দেহে এক বিশেষ মাত্ৰা প্ৰদান কৰিব আৰু ইয়াৰ লগতে আমাৰ দেশত এনে বৃহৎ অনুষ্ঠানৰ আয়োজন কৰাৰ বাবে আমাৰ সামৰ্থ্য থকাৰ কথা আইবাৰ সমুখত প্ৰদৰ্শন কৰাৰো সুযোগ লাভ কৰিম৷ বিএফআইৰ সভাপতিগৰাকীয়ে লগতে কয় যে, মই নিশ্চিত যে গুৱাহাটীক ভাৰতৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ যি দৰ্শন বা লক্ষ্য তাক এই বৃহৎ আয়োজনে এক শক্তিশালী দিশ প্ৰদান কৰিবলৈ সক্ষম হ’ব৷ উল্লেখ্য যে বিগত আঠ মাহত বিএফআইয়ে বক্সিং ক্ষেত্ৰখনক কেৱল ঘৰুৱা দিশটোতেই শক্তিশালী কৰি তোলাই নহয়, বৰঞ্চ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটতো এক বলিষ্ঠ খোজ পেলাবলৈ সক্ষম হৈছে৷ ইতিমধ্যেই আঠগৰাকীকৈ বক্সাৰে বিশ্ব চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ সক্ষম হৈছে, ইয়াৰে তিনিগৰাকী বক্সাৰে কোৱাৰ্টাৰ ফাইনেল পৰ্যায়তো উপনীত হৈছে৷ পূৰ্বৰ বিজেন্দৰ সিং, বিকাশ কৃষণ আৰু শিৱ থাপাৰ পিছত আন এক পদক প্ৰত্যাশী হিচাপে আগুৱাইছে ভাৰতৰ গৌৰৱ বিধুৰী৷