কলগাছিয়া ৩ চেপ্টেম্বৰঃ অসম চৰকাৰৰ দূৰ্বল নেতৃত্বৰ বাবেই হিন্দু বাঙালী লগত আন জাতি জনগোষ্ঠীৰ সংঘাতৰ উদ্ভৱ হৈছে আৰু ই সাতোমপুৰুষীয়া ঐক্য ভাতৃত্ববোধ বিনষ্ট কৰিছে। ৰাজ্যত অগ্নিগৰ্ভ পৰিৱেশ সৃষ্টি হোৱাৰ মূলতে হৈছে বহু আশাৰে ভোট দি নিৰ্বাচিত চৰকাৰৰ ব্যৰ্থতা। এই অভিযোগ সদৌ ভাৰত বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্যামল সৰকাৰৰ। কোকৰাঝাৰৰ অমলা ভৱনত আয়োজিত হোৱা এক সংবাদমেলত সদৌ ভাৰত বেংগলী যুৱ ছাত্ৰ পৰিষদৰ সভাপতি শ্যামল সৰকাৰে উক্ত কথা ব্যক্ত কৰি কয় যে, সম্প্ৰতি অসমত এক বিশেষ চক্ৰই বিভিন্ন ঘটনাৰ জৰিয়তে জাতিগত সংঘৰ্ষৰ ৰূপ দিয়াৰ চেষ্টা চলাই আহিছে৷ চিলাপথাৰ কাণ্ডৰ পিছতে নগাঁও কাণ্ডৰ জৰিয়তে সমগ্ৰ বাঙালি জাতিটোকে জড়িত কৰা কাৰ্যক দুৰ্ভাগ্যজনক বুলি আখ্যা দি শ্যামল সৰকাৰে চিলাপথাৰ কাণ্ডৰ প্ৰকৃত মাষ্টাৰ মাইণ্ডৰ বিৰুদ্ধে চৰকাৰে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিলে নগাঁও কাণ্ডৰ পুনৰাবৃত্তি নহ’লহেতেন বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে নগাওঁ কাণ্ডৰ পিছতে ৯ গৰাকীকৈ লোকক গ্ৰেপ্তাৰ  কৰা হৈছে যদিও গ্ৰেপ্তাৰ হোৱা ৫ গৰাকী লোকহে বাঙালী সম্প্ৰদায়ৰ আৰু বাকী ৪ গৰাকী লোক অসমীয়া ৷ কিন্তু তথাপিও উক্ত ঘটনাক বাঙালী আৰু অসমীয়াৰ মাজত সংঘৰ্ষ বুলি ৰূপ দিবলৈ অহৰহ চেষ্টা চলোৱা কাৰ্য কোনোপধ্যে গ্ৰহণযোগ্য নহয় বুলি মন্তব্য কৰে। শ্যামল সৰকাৰে লগতে চান্দা সংগ্ৰহ কৰা এটা দল আৰু ব্যৱসায়ীৰ মাজৰ সংঘটিত হোৱা ঘটনাটোকে ৰাজনৈতিক ৰহন সানি গোষ্ঠীদ্বন্দৰ ৰূপ দিব বিচৰা কাৰ্যক দূৰ্ভাগ্যজনক আৰু গৰিহণা যোগ্য বুলি মন্তব্য কৰে। আনহাতে সংবামেলত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনৰ সভাপতি দীপক দে উপস্থিত থাকি কয় যে অসম চৰকাৰৰ দুৰ্বল স্থিতিৰ বাবেই অসমত বাঙালী সকলক অপমান কৰা হৈছে আৰু খেদি পঠিওৱাৰ ষড়যন্ত্ৰ কৰা হৈছে। তেওঁ অসমত  যিকোনো ঘটনা সংঘটিত হ’লে সমগ্ৰ বাঙালী জাতিৰ সৈতে জড়িত কৰাটো এক প্ৰথাত পৰিণত হৈছে বুলি উল্লেখ কৰি ষড়যন্ত্ৰকাৰী সকলৰ বিৰুদ্ধে চৰকাৰে একো ব্যবস্থা নোলোৱা কাৰ্যক ধিক্কাৰ দিয়ে৷ তেওঁ লগতে চৰকাৰে সক্ৰিয় ভূমিকাৰে নিৰপেক্ষ তদন্তৰ জৰিয়তে প্ৰকৃত দোষীক কৰায়ত্ব নকৰিলে অনাগত দিনত অসমত জটিল পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে বুলি আশংকা ব্যক্ত কৰে।  সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেছনে ৭ ছেপ্তেম্বৰত দিছপুৰ লাষ্টগেটত বিভিন্ন সংগঠনৰে একত্ৰিত হৈ প্ৰতিবাদত ধৰ্ণা কাৰ্যসূচী পালন কৰাৰ কথা জানিবলৈ দিয়ে।লগতে ডি ভোটাৰ আৰু বিদেশীৰ নামত প্ৰকৃত ভাৰতীয় হিন্দু বাঙালীসকলক হাৰাশাস্তি নকৰিবলৈ সন্থাই সকিয়াই দিয়ে