গুৱাহাটী, ৪ ছেপ্তেম্বৰঃ জনসাধাৰণৰ মাজত স্বাস্থ্য আৰু সুস্থতাৰ সজাগতা সৃষ্টিৰ বাবে বিৰাট কোহলীৰ ফিটনেছ উদ্যোগত চ্চিজেলে ৯ ছেপ্টেম্বৰত দিনজোৰা কাৰ্যসূচীৰে এক সুস্থতা সজাগতা অনুষ্ঠানৰ আয়োজন কৰিছে৷ জিএনআৰচি নেভাৰ ষ্ট’প গুৱাহাটীৰ আয়োজক হৈছে ভাৰতীয় ক্রিকেট দলৰ অধিনায়ক বিৰাট কোহলী৷ বিৰাটৰ পৃষ্ঠপোষকতাত চলা ফিটনেচ চেইন চ্চিজে’লৰ গুৱাহাটীৰ মুখ্য কেন্দ্ৰটো দীঘলীপুখুৰীৰ সমীপত অৱস্থিত।  চ্চিজে’লৰ দিনজোৰা অনুষ্ঠানত কেইবাটাও মডিউল আছে, য’ত মাৰাথন, চাইকেল ৰেলী, যোগ আৰু জুম্বাৰ উপৰি সুস্থতাৰ প্ৰতিদ্বন্দ্বিতাৰূপে আর্ম ৰেষ্টলিং, ক্ৰছ-ফিটনেছ আদি উল্লেখনীয়। গুৱাহাটী প্ৰেছ ক্লাবত আয়োজিত এক সাংবাদিক মেলত চ্চিজে’লৰ দীঘলীপুখুৰীৰ পাৰৰ ফ্ৰেন্সাইজীৰ স্বত্বাধিকাৰ ভাস্কৰজ্যোতি দাসে কয় যে, সুস্থতাৰ বাবে জীমত অনুশীলন কৰাৰ সমান্তৰাল ভাবে ঘৰৰ বাহিৰৰ কাৰ্য্যৱলীও আৱশ্যক৷ সক্রিয় জীৱনৰ বাবে স্বাস্থ্যৱান আৰু সুস্থ হৈ থকাটো নিতান্তই প্রয়োজনীয়। নেভাৰ ষ্টপ গুৱাহাটীয়ে অৱলোকন কৰিব সুস্থতাৰ তেনে উদ্যমত আৰু দৈনন্দিন কাৰ্য্যৱলীত৷ নেভাৰ ষ্টপ গুৱাহাটী চ্চিজে’লৰ কাৰ্য্যৱলী পুৱা ৬ বজাত ১০-কিলোমিটাৰ মাৰাথনেৰে আৰম্ভ হ’ব৷ মাৰাথনৰ সমান্তৰালভাৱে একে ঠাইৰপৰা একে সময়তে এক চাইকেল ৰেলীৰো ফ্লেগ অফ কৰা হ’ব। ইয়াৰ পিছতেই দীঘলীপুখুৰীৰ সমীপত অৱস্থিত চ্চিজে’ল জীম এণ্ড ফিটনেছ চেণ্টাৰত পুৱা ৮.৩০ বজাত যোগ আৰু জুম্বা আৰম্ভ হ’ব৷ আনহাতে পুৱা ১০ বজাৰপৰা ফিটনেচ চেলেঞ্জ আৰম্ভ হ’ব। বিয়লি বঁটা বিতৰণী আৰু সাংস্কৃতিক অনুষ্ঠানেৰে দিনজোৰা কাৰ্যসূচীৰ অন্ত পৰিব। গুৱাহাটীকেন্দ্ৰিক অগ্রণী স্বাস্থ্যসেৱা প্রতিষ্ঠান জিএনআৰচি হাস্পতালছ হৈছে ইয়াৰ টাইটেল স্পনছ’ৰ আৰু মহানগৰকেন্দ্ৰিক পিআৰ এণ্ড পুটেছন মেনেজমেণ্ট কোম্পানী লাইফছ পার্পল হৈছে অন্যতম অংশীদাৰ। স্পোর্টছ ইভেণ্ট মেনেজমেণ্ট কোম্পানী ৰাফাইট আউট মাৰাথনৰ অৰ্গেনাইজিং পাটনাৰ হােৱাৰ বিপৰীতে আউটড’ৰ এডভেন্সাৰ প্ৰম’টাৰ এভৰিথিং আউটড’ৰ হৈছে চাইকেল ৰেলীৰ আয়োজক। অন্যান্য পার্টনাৰসকলৰ ভিতৰত আছে জুমকাৰ, অনুৰাধা চিনেপ্লেক্স, ইকলেকটিক নর্থইষ্ট, জি-প্লোছ, ৯২.৭ বিগ এফ এম, হেলথ এন নিউট্ৰিচন, এছ নিউট্ৰিচন আৰু মেক্স প্রোটিন।