গুৱাহাটী, সংবাদ ৩৬৫, ১৬ অক্টোবৰ: উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী অসম সন্তান ৰঞ্জন গগৈ মঙ্গলবাৰে গুৱাহাটীত উপস্থিত হয়। উচ্চতম ন্যায়্যালয়ৰ মুখ্যন্যায়ধীশ ৰূপেৰে দায়িত্বভাৰ লোৱা প্ৰথমগৰাকী অসম সন্তান ৰঞ্জন গগৈয়ে বৰঝাৰ বিমানবন্দৰত বিমানযোগে আহি মঙ্গলবাৰে গৃহ ভুমিত উপস্থিত হয়। বিমানবন্দৰত উপস্থিত হোৱাৰ পাছতে চৰকাৰে ৰঞ্জন গগৈক ৰঙা দলিছা পাৰি ৰাজ্যিক সম্বৰ্ধনাৰে আদৰণি জনোৱাৰ লগতে আৰক্ষী জোৱানৰ দ্বাৰাও পেৰেদ কৰি বিশেষ সন্মান প্ৰদান কৰে ৰঞ্জন গগৈক। উচ্চতম ন্যায়ালয়ৰ ৪৬ নং মুখ্য ন্যায়ধীশ ৰূপে শপত গ্ৰহন কৰা অসম সন্তান ৰঞ্জন গগৈক আদৰিবলৈ বিমানবন্দৰত উপস্থিত আছিল আৰক্ষী আয়ুক্ত প্ৰদীপ শালৈ, কামৰূপ (মহানগৰ) জিলা উপায়ুক্ত বিৰেন্দ্ৰ মিট্টালৰ লগতে আৰক্ষীৰ বহুকেইজন উচ্চ পদস্থ বিষয়া ।