ডিগবৈৰ পৰা বিজয় সূত্ৰধৰ, সংবাদ ৩৬৫, ১৬ অক্টোবৰ: মঙ্গলবাৰে ডিগবৈৰ ৰাজীৱ ভৱনত এক সম্বৰ্ধনা সভাৰ আয়োজন কৰা হয়। উক্ত সম্বৰ্ধনা সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ অ,বি,চি বিভাগৰ নবনিযুক্তি চেয়াৰমেন নোমল বৰাৰ লগতে কো: চেয়াৰমেন মনোজ ধনোৱাৰক সম্বৰ্ধনা জনোৱা হয়। তিনিচুকীয়া জিলা কংগ্ৰেছ কমিটিৰ অ,বি,চি বিভাগে আয়োজন কৰা উক্ত সভাখনত তিনিচুকীয়া জিলা কংগ্ৰেছৰ বহুকেইজন জ্যেষ্ঠ কংগ্ৰেছী উপস্থিত থাকি নবনিযুক্তি চেয়াৰমেন সকলক লৈ ভৱিষ্যতে কংগ্ৰেছ দলৰ হৈ কিদৰে কাম-কাজ সমূহ আগবঢ়াই যাব তাৰ ওপৰত এক যুক্তিমূলক বক্তব্য ৰাখে।