গুৱাহাটী, ১৯ আগষ্টঃ বিশ্ব আলোকচিত্ৰ দিৱসৰ লগত সংগতি ৰাখি গুৱাহাটী বিশ্ববিদ্যালয়ৰ যোগাযোগ আৰু সাংবাদিকতা বিভাগত আলোকচিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত কৰা হয়। বিশ্ববিদ্যালয়ৰ ছাত্ৰ কল্যাণ সঞ্চালক ড০ ৰঞ্জন কাকতিয়ে অনুষ্ঠানৰ উদ্বোধন কৰে৷ তেওঁ ছাত্ৰ-ছাত্ৰীসকলৰ পাৰদৰ্শিতাৰ শলাগ লৈ আলোকচিত্ৰ অংকণৰ জৰিয়তেও ছাত্ৰ-ছাত্ৰীয়ে সুন্দৰ ভৱিষ্যৎ গঢ়িবলৈ সক্ষম হ’ব পাৰে বুলি উল্লেখ কৰে৷ আলোকচিত্ৰ প্ৰদৰ্শনীৰ অনুষ্ঠানত বিশ্ববিদ্যালয়ৰ বিভিন্ন বিভাগৰ অধ্যাপক অধ্যাপিকা আৰু ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে৷।