কলগাছিয়া, ১৮ আগষ্টঃ বৰপেটাৰ মন্দিয়া প্ৰাথমিক শিক্ষাখণ্ডৰ অন্তৰ্গত  বালিকুৰি মধ্যচৰ প্ৰাথমিক বিদ্যালয়ৰ শিক্ষয়ত্ৰী জুবেইদা আখতাৰে জুনৰ ১০ তাৰিখৰ পৰা বৰ্তমানলৈ শিক্ষানুষ্ঠানত অনুপস্থিত থকাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে৷ প্ৰাপ্ত তথ্য মতে, শিক্ষয়ত্ৰী জুবেইদা আখতাৰে চলিত বৰ্ষৰ ২ মে’ৰ পৰা ১ জুনলৈ স্বাস্থ্যজনিত কাৰণত এমাহৰ বাবে ছুটি লৈছিল যদিও ছুটিৰ ম্যাদ ওকলি যোৱাৰ পিছতো বৰ্তমানলৈ  বিদ্যালয়ত উপস্থিত নোহোৱাত পাঠদানত ব্যাঘাতৰ সৃষ্টি হৈছে৷ প্ৰধান শিক্ষকেও শিক্ষয়ত্ৰীগৰাকীৰ বিৰুদ্ধে কোনো বিহিত ব্যৱস্থা গ্ৰহণ নকৰাত প্ৰধান শিক্ষক আৰু শিক্ষয়ত্ৰীৰ মাজত বুজাবুজিৰ থকাৰ সন্দেহ কৰিছে স্থানীয় লোকে৷ মন্দিয়া শিক্ষা খণ্ডৰ শিক্ষা বিষয়াই এই অজ্ঞতা ব্যক্ত কৰি প্ৰধান শিক্ষক ওমৰ আলী আৰু শিক্ষয়ত্ৰী জুবেইদা আখতাৰক কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিব বুলি জানিবলৈ দিয়ে। উল্লেখ্য যে, শিক্ষয়ত্ৰী গৰাকীয়ে পূৰ্বেও এটা সন্তানৰ ক্ষেত্ৰত জালিয়াতিৰে সৰ্বশিক্ষা অভিযান মিছন আৰু বৰপেটা উপ পৰিদৰ্শকৰ কাৰ্য্যালয়ৰ পৰা দুবাৰকৈ মাতৃত্বৰ ছুটি লাভ কৰিছিল।