খাৰুপেটিয়া, ১৯ আগষ্টঃ দৰঙত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক হাৰৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণক৷ দৰঙৰ অন্যান্য স্থানৰ লগতে ধুলা, ফকিৰপাৰা, খাৰুপেটিয়াত খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ অস্বাভাৱিক মূল্যবৃদ্ধিত সৰ্বসাধাৰণ লোকৰ জীৱন-ধাৰণত অসুবিধাৰ সৃষ্টি হৈছে৷ বিশেষকৈ অঞ্চল সমূহত কেবাদিন ধৰি নেৰানেপেৰা বৰষুণৰ ফলত সৃষ্টি হোৱা বানপানীয়ে শাক-পাচলিৰ খেতি নষ্ট কৰাৰ সুযোগ গ্ৰহণ কৰি ব্যৱসায়ী সকলে খাদ্য-সামগ্ৰী আৰু শাক-পাচলিৰ মূল্য পূৰ্বতকৈ তিনিগুণ পৰ্যন্ত বৃদ্ধি কৰিছে৷ উল্লেখ্য যে, পূব মঙ্গলদৈৰ গ্ৰামাঞ্চলৰ বজাৰসমূহত একাংশ ব্যৱসায়ীয়ে নিজ খেয়াল-খুচিমতে বিভিন্ন খাদ্য-সামগ্ৰীৰ লগতে অমিতা ২০-৩০টকা, আলু ১৫-২০টকা, পিঁয়াজ ৪০-৫০টকা, নহৰু ৮০-১০০টকা, পটল ৪০টকা, জিকা ৩০-৪০টকা, ভাত কেৰেলা ৩০-৪০টকা, তিয়ঁহ ৩০-৪০টকা, জলকীয়া ১৫০-১৭০টকা, বিলাহী ৬০-৭০টকা, ইচকোৱাছ ৩০-৪০টকা, লেচেৰা ৩০-৪০টকা মূল্যত বিক্ৰী কৰি আহিছে৷ প্ৰশাসন তথা যোগান বিভাগে অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী আৰু শাক-পাচলিৰ অত্যাধিক মূল্যবৃদ্ধি ৰোধ কৰিবলৈ কোনো ব্যৱস্থা গ্ৰহণ নকৰাত স্থানীয় লোকৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে৷ গ্ৰাহকে অতি শীঘ্ৰে খাদ্য সামগ্ৰী আৰু শাক পাচলিৰ মূল্যবৃদ্ধি ৰোধৰ কাৰণে বিহিত ব্যৱস্থা গ্ৰহণ কৰিবলৈ প্ৰশাসনৰ লগতে যোগান বিভাগক দাবী জনাইছে৷