গুৱাহাটী 

২৫ জুন

মহানগৰী গুৱাহাটীত পুনৰ বনৰীয়া হাতীৰ মৰ্নিং ৱাক। তিনিটাকৈ বনৰীয়া হাতীৰ মৰ্নিং ৱাক মহানগৰীৰ ৰাজপথত। কেৱল মৰ্নিং ৱাকেই নহয় হাতী তিনিটা ৰাজপথতেই ব্ৰেকফাষ্ট কৰিলে। আমচাং বনাঞ্চলৰ পৰা ওলাই আহিছিল বনৰীয়া হাতী তিনিটা।

মহানগৰী গুৱাহাটীৰ সাতগাঁও অঞ্চলত শুকুৰবাৰে পুৱাৰ ভাগতে দেখিবলৈ পোৱা গ’ল তিনিটাকৈ বনৰীয়া হাতী। সাতগাঁৱৰ ৰাজপথত পুৱাৰ ভাগত মুক্ত বিচৰণ কৰি থকা দেখিবলৈ পোৱা গ’ল বনৰীয়া হাতী তিনিটা। ৰাজপথত মুক্তভাৱে ইফাল-সিফাল ঘূৰি ফুৰি বনৰীয়া হাতী তিনিটাই ৰাজপথৰ ওপৰত থকা ডাষ্টবিনৰ পৰা পেলনীয়া খাদ্য খায়।

খাদ্যৰ সন্ধানত আমচাং বনাঞ্চলৰ পৰা পুৱাৰ ভাগত হাতী তিনিটা সাতগাঁৱৰ জনাঞ্চলত প্ৰৱেশ কৰিছিল। পুৱাৰ ভাগতেই এইদৰে ৰাজপথৰ ওপৰত বনৰীয়া হাতী তিনিটাৰ মুক্ত বিচৰণ দেখি স্থানীয় ৰাইজ শংকিত হৈ পৰে। উল্লেখ্য যে আমচাং বনাঞ্চলৰ ভিতৰ ভাগত খাদ্যৰ অভাৱত এনেদৰেন প্ৰায়ে বনৰীয়া হাতী ওলাই আহি জনাঞ্চলত প্ৰৱেশ কৰে বুলি জানিবলৈ দিয়ে স্থানীয় ৰাইজে।