সোণতলী, ২০ এপ্ৰিলঃ দক্ষিণ কামৰূপৰ গৰৈমাৰী উন্নয়ন খণ্ডৰ অধীনস্থ ২ নং হাতীশলা ভলুকাৱাড়ী গাঁওপঞ্চায়তৰ সভাপতি আক্ৰাম হোছেইনৰ বিৰুদ্ধে ৰাজহুৱা ধন আত্মসাতৰ এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে৷ স্থানীয় ৰাইজে এই দুৰ্নীতিগ্ৰস্থ পঞ্চায়ত সভাপতিৰ বিৰুদ্ধে ছয়গাঁও আৰক্ষী থানাত কেবাটাও গোচৰ দাখিল কৰাৰ পিছতো আৰক্ষীয়ে সভাপতি গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহন নকৰাত আৰক্ষীলৈ সন্দেহৰ আঙুলি টোৱাইছে ৰাইজে৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এটা স্বেচ্ছাসেৱী সন্থাই৷ মানৱ অধিকাৰ সমৰ্থন কেন্দ্ৰ, কামৰূপ নামৰ সন্থাটোৱে এক প্ৰেছ বিবৃতিত এই কথা সদৰী কৰি কয় যে- ২ নং হাতীশলা ভলুকাৱাড়ী গাঁও পঞ্চায়তৰ সভাপতি আক্ৰাম হোছেইনে পঞ্চায়তৰ বিভিন্ন আঁচনিৰ নামত দুৰ্নীতি সংঘটিত কৰিছে৷ ইতিমধ্যে সন্থাটোৰ কৰ্মকৰ্তা সকলৰ অনুসন্ধানত পঞ্চায়তটোৰ মিলি-জুলি মীন পালনৰ এক সমূহীয়া টেংকী নিৰ্মাণৰ এম জি এন ৰেগাৰ আঁচনিটোৰ ৫ লাখ টকাৰ ভুৱা জৱকাৰ্ড আৰু ভুৱা একাউন্টৰ জৰিয়তে আত্মসাৎ কৰাৰ তথ্য উন্মোচিত হৈছে৷ প্ৰেছ বিবৃতিত সন্থাটোৱে লগতে উল্লেখ কৰে যে ধুৰন্ধৰ সভাপতি গৰাকীয়ে ভলুকাৱাড়ী হাইস্কুলৰ ভুমি উন্নয়নৰ নামতো পাঁচ লক্ষাধিক টকা কোনো কাম নকৰাকৈ আত্মসাৎ কৰিছে৷  উল্লেখ্য যে, এ আই ইউ ডি এফ দলৰ পৰা নিৰ্বাচিত পঞ্চায়ত সভাপতি আক্ৰাম হোছেইনে পঞ্চায়তটোত সংঘটিত কৰা ব্যাপক দুৰ্নীতিৰ পৰা মুক্তি লাভ কৰিবলৈ শাসনাধিষ্ট বিজেপি দলত যোগদান কৰিছে৷ ইয়াৰ পুৰ্বে অগপ দলৰ হৈ কাম কৰা পৰিলক্ষিত হৈছিল নিৰ্লজ্য সভাপতি গৰাকীয়ে৷ একমাত্ৰ নিজৰ কলংক মচিবলৈ সঘনাই দল বগৰা সভাপতিৰ বিৰুদ্ধে ৰাজ্য চৰকাৰ, আৰক্ষী প্ৰশাসন কিম্বা বিভাগীয় কৰ্তৃপক্ষই ব্যৱস্থা গ্ৰহন কৰিবনে? নে বিজেপি দলত যোগদান কৰাৰ পিছৰে পৰাই ধুৰন্ধৰ পঞ্চায়ত সভাপতি আক্ৰাম হোছেইনৰ কলংক মছি গৈছে? সেইয়া চৰকাৰলৈ ৰাইজৰ লাখটকীয়া প্ৰশ্ন৷