মীৰ জিয়াউৰ ৰহমান

গোঁসাইগাঁও

২ ফেব্ৰুৱাৰী

গোঁসাইগাঁৱত মহিলা কল্যাণ সেৱা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিবেশন। অধিবেশনত উপস্থিত থাকি মহিলা কল্যাণ সেৱা সমিতিৰ সভানেত্ৰী ছুমাৰী বসুমাতাৰীয়ে কয় যে মহিলা সকলৰ অবিহনে এখন সুস্থ সবল সমাজ গঢ়াৰ স্বপ্ন কোনো দিনে পূৰ্ণ নহয়৷ নাৰী সকল সমাজৰ পথ প্ৰদৰ্শক৷ মহিলা সকল সমাজ গঢ়াৰ আহিলা৷ নাৰীক অৱহেলা কৰিলে সমাজ তথা দেশৰ প্ৰগতি সম্ভৱ নহয়৷

মঙলাবাৰে গোঁসাইগাঁৱৰ উওৰপাৰা গান্ধী পথাৰত মহিলা কল্যাণ সেৱা সমিতিৰ দ্বিতীয় বাৰ্ষিক অধিবেশনৰ মকুলি সভাত মহিলা সমিতিৰ সভানেত্ৰী ছুমাৰী বসুমাতাৰীয়ে আৰু কয় যে প্ৰতিটো ৰাজনৈতিক দলে নাৰী সাৱলীকাৰণৰ সপক্ষে মাত মাতি যাব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে কিন্ত ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছত সকলো পাহৰনিৰ গৰ্ভত বিলীন কৰি দিয়ে৷ নাৰী সাৱলীকাৰণ কৰাৰ কথাৰে ঢাক ঢোল বজায় চৰকাৰে কিন্ত নাৰী সাৱলীকৰণ কিমান দুৰ কাৰ্যকৰী হৈছে বুলি প্ৰশ্ন কৰে ছুমাৰী বসুমাতাৰীয়ে৷ অতি দুখ আৰু বেদনাৰ সৈতে সভানেএী ছুমাৰী বসুমাতাৰীয়ে সভাত ব্যক্ত কৰে যে নাৰী সকলৰ সভা সমিতিত বহু গণ্যমান্য ব্যক্তিক আমন্ত্ৰণ জনোৱা সত্বেও নাৰী সকলৰ সভা সমিতিত উপস্থিত নাথাকে বহু ব্যক্তিয়ে। এনেধৰণৰ ঘটনাই আমাৰ নাৰী সমাজক লজ্জানত কৰে বুলি আমি নাৰী সমাজে অনুভৱ কৰো৷

ধৰ্মীয় সংখ্যালঘূ উন্নয় পৰিষদৰ সভাপতি ময়নুল হক চৌধুৰীৰ সভাপতিত্ব অনুষ্ঠিত মুকলি সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে মহিলা সমিতিৰ সম্পাদিকা গীতিমা মণ্ডলে৷ সভাত চাওতাল মহিলা সমিতিৰ উপদেষ্টা সোনা মনি মুৰ্মুয়ে নাৰী সকলৰ কৰনীয় কাৰ্যপন্থা সম্পৰ্কে ভাষণ প্ৰদান কৰে৷ সভাত অধিবক্তা ৰিণি সৰকাৰে নাৰী সকলৰ সাংবিধানিক অধিকাৰ সম্বলি এক তত্ত্ব গধুৰ ভাষণ প্ৰদান কৰে।