জোনমণি বেগম

বিশ্বনাথ

২ ফেব্ৰুৱাৰী

বিশ্বনাথত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাক তীব্ৰ আক্ৰমণ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। ৰিপুন বৰাক আক্ৰমণ কৰি মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় “ৰিপুন বৰাৰ চুনামি বাংলাদেশত আহিব। ৰিপুন বৰাই বদৰুদ্দিন আজমলক কোলাত লওক। ৰিপুন বৰাৰ নাতি পুতিৰ নাম বদৰুদ্দিন, গিয়াছুদ্দিন ৰাখক”।

মন্ত্ৰী গৰাকীয়ে লগতে কয় যে চুনামী সাগৰতহে আহে। চুনামি নদীত নাহে। এই কথা ৰিপুন বৰাই জানিব লাগে। আমিটো ব্ৰহ্মপুত্ৰ নদীৰ পাৰত বসবাস কৰো। সাগৰত চুনামী আহে, সাগৰৰ কাষত বাংলাদশ গতিকে ৰিপুন বৰাৰ চুনামী বাংলাদেশত হ’ব। আমি নদীৰ পাৰৰ সৰু সুৰা বতাহৰ লগত থাকিম।” প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই এইবাৰ নিৰ্বাচনত কংগ্ৰেছৰ চুনামী আহিব বুলি কৰা মন্তব্যক কটাক্ষ কৰি মঙলাবাৰে বিশ্বনাথত এনেদৰে কয় ৰাজ্যৰ স্বাস্থ্য, শিক্ষা আৰু বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মঙলাবাৰে হেলিকপ্তাৰ যোগে বিশ্বনাথৰ আৱৰ্ত ভৱনত উপস্থিত হৈ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি কৰা ৰিপুন বৰাৰ মন্তব্য সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে যদিহে ৰিপুন বৰাই বদৰুদ্দিন আজমল সাম্প্ৰদায়িক নহয় বুলি ভাৱিছে তেন্তে বদৰুদ্দিন আজমলক ৰিপুন বৰাই কোলাত লওক। ভৱিষ্যতে ৰিপুন বৰাৰ ঘৰত নাতি পুতি হ’ব। তেওঁলোকৰ নাম বদৰুদ্দিন আজমল, গিয়াছুদ্দিন আজমল, নিজামুদ্দিন আজমল সেই বিলাক দিয়ক। আমাৰ তাৰ লগত কোনো সম্পৰ্ক নাই বুলিও মন্তব্য কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।

উল্লেখ্য যে অহা ৭ ফেব্ৰুৱাৰীত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী ঢেকিয়াজুলীলৈ আহি বিশ্বনাথ চিকিৎসা মহাবিদ্যালয়ৰ আধাৰশিলা স্থাপন কৰিব। এই সন্দৰ্ভত বিশ্বনাথৰ কাৰ্যকৰ্তা সকলৰ লগত আলোচনাত মিলিত হ’বলৈ বিশ্বনাথত উপস্থিত হয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যোৱা ১০ জানুৱাৰীত অনুষ্ঠিত হোৱা ডি এইচ এছৰ ফাৰ্মাচিষ্ট পৰীক্ষাত অৱতীৰ্ণ হোৱা সকললৈ এক অসাধু চক্ৰই ফোন কৰি নম্বৰ বঢ়াই দিয়াৰ বাবদ ধন বিচৰাৰ ঘটনা সন্দৰ্ভত ইতিমধ্যে তদন্ত আৰম্ভ হৈছে বুলি উল্লেখ কৰে। অসম আৰক্ষীৰ এক উচ্চ পদস্থ বিষয়াৰ দল বিহাৰলৈ গৈছে বুলিও জানিবলৈ দিয়াৰ লগতে এই অসাধু চক্ৰটোক চিনাক্ত কৰিছে বুলি কয় মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।